
গুৱাহাটীতো বাঢ়িল এলপিজি চিলিণ্ডাৰৰ মূল্য।
গুৱাহাটীতো বাঢ়িল এলপিজি চিলিণ্ডাৰৰ মূল্য।
নৱবৰ্ষৰ প্ৰথম দিনাই বাঢ়িল ৰন্ধন গেছৰ মূল্য। ৰাজসাহাৰ্য বিহীন এলপিজি চিলিণ্ডাৰৰ মূল্য ১৯টকাকৈ বাঢ়িল। একেৰাহে পঞ্চম মাহত বাঢ়িল ৰাজসাহাৰ্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য। দিল্লী আৰু মুম্বাইত ক্ৰমে ১৯টকা আৰু ১৯.৫টকা প্ৰতি চিলিণ্ডাৰত দাম বাঢ়িল। দিল্লীত এতিয়া ১৪.২ কিলোগ্ৰামৰ এটা চিলিণ্ডাৰৰ কাৰণে ৭১৪টকা আৰু ১৯ কিলোগ্ৰামৰ এটা চিলিণ্ডাৰৰ কাৰণে ১২৪১ টকাকৈ গ্ৰাহকে পৰিশোধ কৰিব লাগিব। আনহাতে গুৱাহাটীত ৰাজসাহাৰ্যবিহীন ১৪.২কিলোগ্ৰামৰ চিলিণ্ডাৰৰ মূল্য ৭৪৪.৫০টকালৈ বৃদ্ধি হৈছে।
Published by:Tulika Devi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|