পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। প্ৰতিটো ঘৰুৱা ৰাজসাহায্যবিহীন চিলিণ্ডাৰত বৃদ্ধি পালে ৭৬.৫ টকাকৈ। আনহাতে, প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে ১১৯ টকাকৈ। আজিৰে পৰা কাৰ্যকৰী হৈছে নতুন নিৰিখ। HPCL, BPCL আৰু IOCয়ে জাৰি কৰিছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নতুন নিৰিখ।
উল্লেখযোগ্য যে বিগত তিনি মাহত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ১০৫ টকা আৰু বাণিজ্যিক চিলিণ্ডাৰত দাম বৃদ্ধি পাইছে ১৯৩ টকা। তিনিমাহ পূৰ্বে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য আছিল ৫৭৪.৫০ টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম আছিল ১০০৪ টকা।
বৰ্তমান ১৪.২ কিলোগ্ৰামৰ ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ দাম ৬৮১.৫০ টকা। অক্টোবৰ মাহত এই মূল্য আছিল ৬০৫ টকা। আনহাতে, বাণিজ্যিক চিলিণ্ডাৰৰ বৰ্তমান দাম হ’ব ১২০৪ টকা। অক্টোবৰ মাহত এই দাম আছিল ১০৮৫ টকা।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|