চৰকাৰে ১ অক্টোবৰৰ পৰা ঘৰুৱা প্ৰাকৃতিক গেছৰ দাম ২.৫বছৰৰ মুৰত প্ৰথমবাৰলৈ কৰ্তন কৰিছে। বিগত মাহত ৰাজসাহাৰ্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ১৫.৫০টকা বৃদ্ধি কৰিছিল। ইয়াৰ পিছত এইমাহত ৰন্ধন গেছৰ মূল্য আকৌ এবাৰ বাঢ়িল। একেৰাহে দ্বিতীয়মাহলৈ বাঢ়িল এলপিজি চিলিণ্ডাৰৰ মূল্য। মঙলবাৰে ৰেট সলনি হোৱাৰ পিছত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ (১৪.২ কেজি)ৰ বজাৰ মূল্য ১৫টকা বাঢ়িল।
ৰাজধানী দিল্লীত ১৪.২কেজি মূল্যৰ বিনা চাবচিডিৰ গেছ চিলিণ্ডাৰৰ মূল্য ৬০৫টকা, আনহাতে ১৯কিলোগ্ৰামৰ গেছ চিলিণ্ডাৰৰ ৰিফিল কৰিবলৈ এতিয়া প্ৰয়োজন হ’ব ১০৮৫টকা। মুম্বাইত ১৪.২কেজিৰ বিনা চাবচিডিৰ গেছ চিলিণ্ডাৰৰ মূল্য ৫৭৪টকা, কলকাতাত ৬৩০টকা, আনহাতে চেন্নাইত ৰিফিল কৰিবলৈ ৬২০টকা লাগিব।
গুৱাহাটীত আজি ১৪.২কেজিৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৬৩৪.৫০টকা।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|