
Source-Google
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হৈছে নতুন নিৰিখ।
হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। মেট্ৰ’ চহৰসমূহত ৰাজসাহায্য বিহীন ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ দাম হ্ৰাস পালে ৬১.৫ৰ পৰা ৬৫ টকালৈ। দ্বিতীয় মাহৰ বাবে হ্ৰাস কৰা হৈছে ৰাজসাহায্য বিহীন চিলিণ্ডাৰৰ দাম। ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হৈছে নতুন নিৰিখ। ইয়াৰ পূৰ্বে মাৰ্চত চিলিণ্ডাৰৰ দাম হ্ৰাস পাইছিল। তেল বিপণন কোম্পানী ইণ্ডিয়ান অইল কৰ্প’ৰেচনৰ মতে, ১ এপ্ৰিলৰ পৰা দিল্লীত ১৪.২ কিলোগ্ৰামৰ চিলিণ্ডাৰৰ দাম ৬১.৫ টকা আৰু মুম্বাইত ৬২ টকা হ্ৰাস পাইছে। দিল্লীত আজিৰে পৰা ৰাজসাহায্য বিহীন চিলিণ্ডাৰৰ দাম ৭৪৪ টকা হ’ব। পূৰ্বে ইয়াৰ দাম আছিল ৮০৫.৫ টকা।
আনহাতে, মুম্বাইত ১ এপ্ৰিলৰ পৰা ৰাজসাহায্য বিহীন প্ৰতিটো চিলিণ্ডাৰৰ দাম ৭৭৬.৫ টকাৰ ঠাইত ৭১৪.৫০ টকা হৈছে। ইয়াৰ উপৰি, কলকাতা আৰু চেন্নাইত চিলিণ্ডাৰৰ দাম হ্ৰাস পাই ক্ৰমে ৭৭৪.৫০ টকা আৰু ৭৬১.৫০ টকা হৈছেগৈ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|