বিজেপি-বিৰোধী ৰাজনৈতিক দলৰ শাসনত থকা ৰাজ্যই হ্ৰাস কৰা নাই পেট্ৰ'ল-ডিজেলৰ ৰাজ্যিক ভেট, ১৪খন ৰাজ্যই মানি লোৱা নাই কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত।
বিজেপি-বিৰোধী ৰাজনৈতিক দলৰ শাসনত থকা ৰাজ্যই হ্ৰাস কৰা নাই পেট্ৰ'ল-ডিজেলৰ ৰাজ্যিক ভেট, ১৪খন ৰাজ্যই মানি লোৱা নাই কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত।
চৌদিশে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ। ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু সাধাৰণ জনতাৰ দুৰ্ভোগৰ ওপৰত নিতৌ বিৰোধী দলসমূহে সংবাদ মাধ্যমত কেন্দ্ৰৰ বিজেপি চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰিছে। কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, চিপিএম তথা বিজেপি বিৰোধী আঞ্চলিক ৰাজনৈতিক দলসমূহে নিতৌ পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে স্যবস্ত কৰিছে প্ৰতিবাদ।
জনতাৰ ক্ষোভৰ উমান পাই কেন্দ্ৰীয় চৰকাৰে পেট্ৰ'ল-ডিজেলৰ ওপৰত আৰোপিত শুল্ক হ্ৰাস কৰি ক্ষোভৰ জুই প্ৰশমিত কৰাৰ চেষ্টা কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ সমৰ্থন জনাই বিজেপি শাসিত ৰাজ্য চৰকাৰ সমূহেও হ্ৰাস কৰিছে ৰাজ্য চৰকাৰৰ ভেটৰ পৰিমাণ। ফলত ভাৰতৰ অধিকাংশ ৰাজ্যতে উৎসৱৰ বতৰত জনতাই সামান্য সকাহ লাভ কৰিছে। পিছে মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ স্যবস্ত কৰা বিৰোধী ৰাজনৈতিক দলসমূহে সমৰ্থন কৰা নাই চৰকাৰৰ এই সিদ্ধান্ত।
বিশেষকৈ, নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ তথা সাধাৰণ জনতাৰ দুৰ্ভোগৰ বিৰুদ্ধে সবল ভূমিকা লোৱা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে হ্ৰাস কৰা নাই পেট্ৰ'ল-ডিজেলৰ ভেট। ফলত, এতিয়াও বৰ্ধিত দামতে পেট্ৰ'ল-ডিজেল ক্ৰয় কৰিব লগা হৈছে পশ্চিমবংগৰ জনতাই।
একেদৰে শিৱসেনাৰ শাসনত থকা মহাৰাষ্ট্ৰ চৰকাৰ, কংগ্ৰেছৰ শাসনত থকা পঞ্জাৱ, ৰাজস্থান, চত্তীশগড়, বাওপন্থীৰ শাসনত থকা কেৰালাৰ,আম আদমী পাৰ্টিৰ শাসনত থকা দিল্লীৰ লগতে তেলেংগনা, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, ঝাৰখণ্ড আদিৰ দৰে বিৰোধীৰ দখলত থকা ৰাজ্য সমূহে হ্ৰাস কৰা নাই পেট্ৰ'ল-ডিজেলৰ ওপৰত আৰোপিত ৰাজ্যিক ভেট। ইয়াৰ বিপৰীতে ভাৰতৰ ২২খন ৰাজ্যৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতি সমৰ্থন জনাই হ্ৰাস কৰিছে ৰাজ্যিক ভেট। ফলত এতিয়া বিজেপি-বিৰোধী ৰাজনৈতিক দলৰ দখলত থকা ১৪খন ৰাজ্যৰ জনসাধাৰণে বৰ্ধিত মূল্যত ক্ৰয় কৰিব লগা হৈছে পেট্ৰ'ল-ডিজেল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|