অন্ধকাৰতো চিনাক্ত কৰিব পৰা যাব অচিনাকী লোকক! এই ধাৰণাৰ বাবে নয়দাৰ বিজ্ঞানীয়ে লাভ কৰিলে DRDOৰ বঁটা

News18 Assam | News18-Assam
Updated:June 9, 2021, 11:20 AM IST
অন্ধকাৰতো চিনাক্ত কৰিব পৰা যাব অচিনাকী লোকক! এই ধাৰণাৰ বাবে নয়দাৰ বিজ্ঞানীয়ে লাভ কৰিলে DRDOৰ বঁটা
শাৰীৰিক মাপকাঠিৰ ওপৰত আধাৰ কৰি এজন ব্যক্তিৰ AI আধাৰিত চিনাক্তকৰণৰ ধাৰণাৰ বাবে এই বঁটা লাভ কৰে শিৱানীয়ে।

শাৰীৰিক মাপকাঠিৰ ওপৰত আধাৰ কৰি এজন ব্যক্তিৰ AI আধাৰিত চিনাক্তকৰণৰ ধাৰণাৰ বাবে এই বঁটা লাভ কৰে শিৱানীয়ে।

  • Share this:
"মুখ ঢাকি ৰাখিলেও বা অন্ধকাৰত থাকিলেও কিদৰে শাৰীৰিক মাপকাঠিৰ ওপৰত ভিত্তি কৰি এজন ব্যক্তিৰ পৰিচয় চিনাক্ত কৰিব পাৰি", এই ধাৰণা আগবঢ়াই প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা চমুকৈ DRDOৰ বঁটা লাভ কৰিলে নয়দাৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ বিজ্ঞানী শিৱানী বাৰ্মাই।

DRDOৰ দ্বাৰা আয়োজিত "Dare To Dream 2.0" উদ্ভাৱন প্ৰতিযোগিতাত নিজৰ এই ধাৰণা আগবঢ়ায় প্ৰথম পুৰস্কাৰ লাভ কৰে শিৱানীয়ে। এমিটি ইনষ্টিটিউট অৱ স্পেচ ছায়েন্স এণ্ড টেকন'লজী (AISST)ৰ বিজ্ঞানী ড০ শিৱানী বাৰ্মাই উক্ত প্ৰতিযোগিতালৈ আগবঢ়াইছিল তেওঁৰ এই অভিনৱ ধাৰণা। তাৰ পিছতে DRDOৰ ৱেবছাইটত শেহতীয়াকৈ ঘোষণা কৰা ফলাফল অনুসৰি ড০ বাৰ্মা প্ৰতিযোগিতাখনৰ ব্যক্তিগত শাখাৰ পাঁচজন শীৰ্ষ পুৰস্কাৰ বিজয়ীৰ ভিতৰত এগৰাকী হিচাপে চিহ্নিত হয়। যাক দেশৰ প্ৰতিৰক্ষা বাহিনীৰ গৱেষণা আৰু বিকাশৰ বাবে চিহ্নিত কৰাা হৈছে।

শিৱানীৰ এই ধাৰণাটোৰ দ্বাৰা এজন ব্যক্তিৰ শাৰীৰিক মাপকাঠিৰ ওপৰত আধাৰ কৰি এক অনুধাৱন চিনাক্তকৰণ প্ৰণালীৰ ওপৰত বিকশিত কৰা হৈছে, য'ত বায়োমেট্ৰিক আৰু মুখমণ্ডল চিনাক্তকৰণ প্ৰযুক্তি অপৰ্যাপ্ত বুলি পোৱা যায়।

এমিটি বিশ্ববিদ্যালয়ে এই সম্পৰ্কত কয় যে "কংকালৰ তথ্য, চালচলন, মুখমণ্ডল চিনাক্তকৰণ আৰু চলাচলৰ মাপকাঠিৰ সংমিশ্ৰণৰ কথা বিবেচনা কৰি ই হৈছে এক অভিনৱ সমাধান, য'ত ব্যক্তিজনে অন্ধকাৰত চলাচল কৰি থাকিলেও তেওঁৰ পৰিচয় চিনাক্ত কৰিব পাৰি।"

লগতে বিশ্ববিদ্যালয়ে কয় যে, "যিকোনো ধৰণৰ ছদ্মৱেশ, সেয়া ইচ্ছাকৃতভাৱে কৰা কাম যেনে মুখ ঢাকি ৰখা বা আঙুলিৰ চাপ সলোৱা আদিয়ে দুৰ্বৃত্তক পলাই যাবলৈ সহায় নকৰিব। চোৰাংচোৱা সংস্থা, প্ৰতিৰক্ষা সংগঠন, আৰক্ষী আদিৰ দ্বাৰা এজন ব্যক্তিক চিনাক্ত কৰাৰ বাবে এয়া এক অতি সঠিক অনুমানিক পদ্ধতি হ'ব।"

বিশ্ববিদ্যালয়খনৰ সঞ্চালক ড০ এম এছ প্ৰসাদৰ নিৰ্দেশনাত ড০ বাৰ্মাই কয় যে এতিয়া DRDOৰ দ্বাৰা সম্পাদন কৰা প্ৰযুক্তি বিকাশ পুঁজি (TDF) আঁচনিয়ে এই ধাৰণাটোৰ অধিক বিকাশৰ বাবে চাৰি সপ্তাহৰ ভিতৰত প্ৰকল্পৰ প্ৰস্তাৱৰ বিৱৰণ বিচাৰিছে। এয়া এবাৰ অনুমোদিত হোৱাৰ পিছত DRDO–এ ত্বৰান্বিত প্ৰযুক্তি বিকাশৰ বাবে ৯০ শতাংশ অনুদান প্ৰদান কৰিব বা প্ৰকল্প মূল্যৰ ওপৰত ২৪ মাহত ১০ কোটিলৈকে প্ৰদান কৰিব।
Published by: Sanjay Kumar Das
First published: June 9, 2021, 11:20 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি