• Home
  • »
  • News
  • »
  • nation
  • »
  • Srikant Tyagi : চুবুৰীয়াক গালি পাৰি জে'ললৈ যোৱা শ্ৰীকান্ত ত্যাগীৰ আৰু বাঢ়িছে বিপদ, উচ্চ ন্যায়ালয়তো নাপালে জামিন

Srikant Tyagi : চুবুৰীয়াক গালি পাৰি জে'ললৈ যোৱা শ্ৰীকান্ত ত্যাগীৰ আৰু বাঢ়িছে বিপদ, উচ্চ ন্যায়ালয়তো নাপালে জামিন

Srikant Tyagi : শ্ৰীকান্ত ত্যাগীৰ ৫ আগষ্টত মহিলা এগৰাকীৰ সৈতে কিছুমান গছপুলি ৰোপণক লৈ বিবাদ হৈছিল। শ্ৰীকান্তে মহিলাগৰাকীক অশোভনীয়ভাৱে গালি-গালাজ কৰি ভাবুকি দিছিল।

Srikant Tyagi : শ্ৰীকান্ত ত্যাগীৰ ৫ আগষ্টত মহিলা এগৰাকীৰ সৈতে কিছুমান গছপুলি ৰোপণক লৈ বিবাদ হৈছিল। শ্ৰীকান্তে মহিলাগৰাকীক অশোভনীয়ভাৱে গালি-গালাজ কৰি ভাবুকি দিছিল।

Srikant Tyagi : শ্ৰীকান্ত ত্যাগীৰ ৫ আগষ্টত মহিলা এগৰাকীৰ সৈতে কিছুমান গছপুলি ৰোপণক লৈ বিবাদ হৈছিল। শ্ৰীকান্তে মহিলাগৰাকীক অশোভনীয়ভাৱে গালি-গালাজ কৰি ভাবুকি দিছিল।

  • Share this:
উত্তৰ প্ৰদেশৰ নয়ডা (Noida)ৰ বাসিন্দা শ্ৰীকান্ত ত্যাগী (Srikant Tyagi)য়ে বৰ্তমান উচ্চ ন্যায়ালয়ৰ পৰা সকাহ পোৱা নাই। উচ্চ ন্যায়ালয়ে তেওঁক এই গোচৰত জামিন মঞ্জুৰ কৰা নাই। এলাহাৱাদ উচ্চ ন্যায়ালয়ে (Allahabad High Court) ৩ সপ্তাহৰ ভিতৰত চৰকাৰী অধিবক্তাৰ পৰা কাউণ্টাৰ এফিডেফিট বিচাৰিছে আৰু ইয়াৰ বাবেই তেওঁৰ জামিন আবেদনৰ সিদ্ধান্ত লোৱা হোৱা নাই। ১৭ অক্টোবৰত জামিন আবেদনৰ শুনানিৰ বাবে শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে আদালতে।

তথ্য অনুসৰি বৃহস্পতিবাৰে ন্যায়াধীশ মায়ংক কুমাৰ জৈনৰ একক বিচাৰপীঠত জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হয়। এই সময়ত জ্যেষ্ঠ অধিবক্তা জি এছ চতুৰ্বেদী আৰু অধিবক্তা অমৃতা ৰায় মিশ্ৰই নিজৰ পক্ষ দাঙি ধৰে। শ্ৰীকান্ত ত্যাগীৰ বিৰুদ্ধে তৰা গেংষ্টাৰ গোচৰত এলাহাবাদ উচ্চ ন্যায়ালয়ত জামিন আবেদন (Bail Petition) দাখিল কৰিছে শ্ৰীকান্ত ত্যাগীয়ে। ইয়াৰ পূৰ্বে ত্যাগীয়ে ইতিমধ্যে ৩টা গোচৰত সত্ৰ আদালতৰ পৰা জামিন লাভ কৰিছে।

আচলতে নয়ডাৰ ফেজ-২ আৰক্ষী থানা এলেকাৰ ছেক্টৰ-৯৩বিত অৱস্থিত গ্ৰেণ্ড ওমেক্স ছ’চাইটিৰ বাসিন্দা গালিবাজ নেতা শ্ৰীকান্ত ত্যাগীৰ ৫ আগষ্টত মহিলা এগৰাকীৰ সৈতে কিছুমান গছপুলি ৰোপণক লৈ বিবাদ হৈছিল। মহিলাগৰাকীয়ে ত্যাগীৰ বিৰুদ্ধে গছ পুলি ৰোপণ কৰি মাটি দখল কৰাৰ অভিযোগ উত্থাপন কৰিছিল। তেতিয়া শ্ৰীকান্তে মহিলাগৰাকীক অশোভনীয়ভাৱে গালি-গালাজ কৰি ভাবুকি দিছিল। ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে অভিযুক্ত নেতাজনৰ বিৰুদ্ধে নিৰ্যাতনৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। পিছত বিষয়টো তীব্ৰতৰ হোৱাৰ লগে লগে ১০ জন লোকৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰা হয়। একে সময়তে শ্ৰীকান্তসহ তিনিজনৰ বিৰুদ্ধে গেংষ্টাৰ গোচৰ ৰুজু কৰা হয়।
Published by:Manjumoni Borah
First published: