মুখ্যপৃষ্ঠা »খবৰ »দেশ »এটা সপোন খেদি ৰাজপথত দৌৰিছে এজন যুৱকে, ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে সহায়ৰ আশ্বাস অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল সতীশ দুৱাৰ

এটা সপোন খেদি ৰাজপথত দৌৰিছে এজন যুৱকে, ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে সহায়ৰ আশ্বাস অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল সতীশ দুৱাৰ

এতিয়া ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল সতীশ দুৱাৰো দৃষ্টিগোচৰ হৈছে। তেওঁ প্ৰদীপক সহায় কৰাৰ আশ্বাস দিছে।

এতিয়া ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল সতীশ দুৱাৰো দৃষ্টিগোচৰ হৈছে। তেওঁ প্ৰদীপক সহায় কৰাৰ আশ্বাস দিছে।

  • Share this:
ছচিয়েল মিডিয়াত প্ৰতিদিনে বহু ভিডিঅ’ বা পোষ্ট ভাইৰেল হৈ থাকে। কিন্তু বৰ্তমান এনেকুৱা এটা ভিডিঅ’ ৱাইৰেল হৈছে, যিটো ভিডিঅ’ই সকলো লোককে যেন এক ডাঙৰ শিক্ষা দিছে। এই ভিডিঅ’টো ছবি নিৰ্মাতা বিনোদ কাপৰিয়ে (Filmmaker Vinod Kapri) দেওবাৰে সন্ধিয়া পোষ্ট কৰিছিল, যিটো দ্ৰুতগতিত ভাইৰেল হৈছে। ভাইৰেল ভিডিঅ’ত এজন যুৱকে নয়দাৰ ৰাজপথত নিশা দৌৰি থকা দেখা গৈছে। যুৱকজনৰ নাম প্ৰদীপ মেহৰা (Pradeep Mehra running Viral Video), যাক ইয়াৰ পূৰ্বে কোনেও জনা নাছিল। কিন্তু এতিয়া ইণ্টাৰনেট ছেনজেচন হৈ পৰিছে। ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত এতিয়া অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল সতীশ দুৱাই (Retired General Satish Dua) সহায়ৰ আশ্বাস প্ৰদান কৰিছে।

এটা সপোন খেদি প্ৰদীপে নাশাৰ ৰাজপথত দৌৰিছিল। প্ৰতিটো খোজত তেওঁৰ সপোন পূৰণ কৰাৰ বাসনা। আচলতে যেতিয়া ছবি নিৰ্মাতা বিনোদ কাপৰিয়ে নয়দাৰ পৰা নিশা ওলাইছিল তেতিয়া তেওঁৰ দৃষ্টি এজন যুৱকৰ ওপৰত পৰিছিল, যিয়ে কান্ধত এটা বেগ লৈ দৌৰি আছিল। তেওঁ প্ৰদীপক নিজৰ গাড়ীৰে ঘৰত থৈ অৱাৰ প্ৰস্তাৱ দিয়ে, কিন্তু যুৱকজনে অস্বীকাৰ কৰে। তেওঁ বিনোদ কাপৰিক যিখিনি কথা কৈছে সেয়া শুনিলে আপুনিও ভাবিবলৈ বাধ্য হ’ব যে সকলো লোকৰে জীৱনত সমস্যা আছে, কিন্তু সমস্যাৰ আগত হাৰ মনাৰ পৰিৱৰ্তে যুঁজ দিব লাগে। এই ভিডিঅ’ ভিডিঅ’ই নিশ্চয় আপোনাকো এক শিক্ষা দিব।

দৌৰি থকা ল’ৰাজনক দেখি বিনোদ কাপৰিয়ে কাষ চাপি গাড়ীত বহিবলৈ কয়। কিন্তু যুৱকজনে অস্বীকাৰ কৰে। তেওঁ যুৱকজনক ক’লৈ যাব সোধাত তেওঁ কয় যে মেকডনাল্ডত কাম কৰে আৰু কাম শেষ হোৱাৰ পিছত ঘৰলৈ গৈ আছে। যুৱকজনে তেওঁৰ নাম প্ৰদীপ বুলি কয় আৰু উত্তৰাখণ্ডৰ আলমোৰাৰ বাসিন্দা বুলিও উল্লেখ কৰে।

বিনোদ কাপৰিৰ সৈতে কথা–বতৰাত যুৱকজনে কয় যে তেওঁ সেনা বাহিনীত যোগদানৰ বাবে প্ৰস্তুতি চলাইছে। পুৱা দৌৰিবলৈ সময় নাপাই বাবে কাম শেষ কৰি দৌৰি দৌৰি ঘৰলৈ যায় যাতে তেওঁৰ দৌৰাৰ অভ্যাস হয়। প্ৰদীপে কয় যে তেওঁ প্ৰতিদিনে এইদৰে ১০ কিলোমিটাৰ দৌৰি ঘৰলৈ যায়। তেওঁ কয় যে তেওঁ মাতৃ আৰু ভাতৃৰ সৈতে থাকে, মাতৃ ৰুগীয়া আৰু হাস্পতালত ভৰ্তি হৈ আছে।

বিনোদ কাপৰিয়ে যুৱকজনক খানা কেতিয়া খাব সোধাত তেওঁ কয় যে ঘৰলৈ গৈ খাদ্য বনাব। ছবি নিৰ্মাতাজনে তেওঁৰ সৈতে খোৱাৰ অফাৰ কৰাত তেওঁ কয়, মই খাই গ’লে ভাই ভোকত থাকিব। প্ৰদীপে কয় যে ভায়েকৰ নাইট ছিফ্ট আছে সেইবাবে খানা বনাব নোৱাৰে।

এতিয়া ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল সতীশ দুৱাৰো দৃষ্টিগোচৰ হৈছে। তেওঁ প্ৰদীপক সহায় কৰাৰ আশ্বাস দিছে। তেওঁ টুইট কৰি কয় যে তেওঁৰ উদ্যম প্ৰশংসনীয় আৰু তেওঁৰ যোগ্যতাৰ আধাৰত সেনাত ভৰ্তিৰ ক্ষেত্ৰত সহায় কৰাৰ বাবে কুমাও ৰেজিমেণ্টৰ কৰ্ণেল, ইষ্টাৰ্ণ সেনা কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল ৰাণা কলিতাৰ সৈতে কথা পাতিছে। তেওঁ কয় যে নিজৰ ৰেজিমেণ্টত ভৰ্তিৰ বাবে যুৱকজনক প্ৰশিক্ষিত কৰাৰ বাবে সম্ভৱপৰ সকলো প্ৰয়াস কৰিব।

শেহতীয়া বাতৰি