ৰাখী বন্ধনৰ দিনা শ্ৰেণীকোঠাত চিপ লৈ আত্মহত্যা DPSৰ শিক্ষয়িত্ৰীৰ

আৰক্ষীয়ে আত্মহত্যাৰ কাৰণৰ অনুসন্ধান অব্যাহত ৰাখিছে।

News18-Assam
Updated:August 16, 2019, 9:57 AM IST
ৰাখী বন্ধনৰ দিনা শ্ৰেণীকোঠাত চিপ লৈ আত্মহত্যা DPSৰ শিক্ষয়িত্ৰীৰ
আৰক্ষীয়ে আত্মহত্যাৰ কাৰণৰ অনুসন্ধান অব্যাহত ৰাখিছে।
News18-Assam
Updated: August 16, 2019, 9:57 AM IST
পৱিত্ৰ ৰাখী বন্ধনৰ দিনাই শ্ৰেণীকোঠাত চিপ লৈ আত্মহত্যা কৰিলে এগৰাকী শিক্ষয়িত্ৰীয়ে। এই ঘটনা নয়দাৰ দিল্লী পাব্লিক স্কুলৰ। বৃহস্পতিবাৰে সন্ধিয়া স্কুলখনৰ এটা কোঠাত চিলিং ফেনত চিপ লৈ আত্মহত্যা কৰে শিক্ষয়িত্ৰীগৰাকীয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

নয়দাৰ ছেক্টৰ ৩০ত সংঘটিত হৈছে এই ঘটনা। এগৰাকী আৰক্ষী বিষয়াই কয় যে নয়দাৰ ছেক্টৰ ৩০ত থকা দিল্লী পাব্লিক স্কুলৰ এগৰাকী শিক্ষয়িত্ৰীয়ে বৃহস্পতিবাৰে সন্ধিয়া স্কুলৰ কোঠাত চিপ লৈ আত্মহত্যা কৰে। আৰক্ষীয়ে আত্মহত্যাৰ কাৰণৰ অনুসন্ধান অব্যাহত ৰাখিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি