মুখ্যপৃষ্ঠা »খবৰ »দেশ »No Vaccine, No Entry: নতুন বছৰতে আৰম্ভ কোৰোণাৰ কঠোৰ নিয়ম, ভেকচিন নল'লে নিষিদ্ধ হ'ব ৰাজহুৱা স্থানত

No Vaccine, No Entry: নতুন বছৰতে আৰম্ভ কোৰোণাৰ কঠোৰ নিয়ম, ভেকচিন নল'লে নিষিদ্ধ হ'ব ৰাজহুৱা স্থানত

সাংকেতিক ছবি

সাংকেতিক ছবি

No Vaccine, No Entry: অধিক লোকক কোভিড-19-ৰ বিৰুদ্ধে টিকাকৰণ কৰিবলৈ উৎসাহিত কৰাৰ বাবে হাৰিয়ানা চৰকাৰে শনিবাৰৰ পৰা টিকাকৰণ নকৰা লোকসকলক ৰাজহুৱা স্থানত নিষিদ্ধ কৰিছে।

  • Share this:
ভাৰতত পুনৰ দ্ৰুতগতিত বাঢ়িব ধৰিছে কোৰোণা (Corona)ৰ সংক্ৰমণ। লগে লগে বিভিন্ন ৰাজ্যত নান বাধা নিষেধ জাৰি কৰা হৈছে। এইবাৰ ভেকচিন (Corona Vaccine) নোলোৱা লোকক ৰাজহুৱা স্থানত নিষিদ্ধ কৰিলে হাৰিয়ানা চৰকাৰে। হাৰিয়ানাত No Vaccine, No Entry নীতি ঘোষণা কৰিছে চৰকাৰে। অধিক লোকক কোভিড-19 (Covid19)ৰ বিৰুদ্ধে টিকাকৰণ কৰিবলৈ উৎসাহিত কৰাৰ বাবে হাৰিয়ানা (Haryana) চৰকাৰে শনিবাৰৰ পৰা টিকাকৰণ নকৰা লোকসকলক ৰাজহুৱা স্থানত নিষিদ্ধ কৰিছে।

ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী অনিল ভিজে নিৰ্দেশ জাৰি কৰিছে যে টিকাকৰণ নকৰা লোকসকলক ৰাজহুৱা স্থান, যেনে বাৰ, ৰেষ্টুৰেণ্ট, ক্লাব আৰু ৱাইন শ্বপত অনুমতি দিয়া নহ'ব। কেৱল কোভিড-19 দুয়োটা পালি টিকাকৰণ কৰাসকলকহে এনে স্থানত প্ৰৱেশৰ অনুমতি দিয়া হ'ব।

এই আদেশটো কৰ্পোৰেট আৰু ব্যক্তিগত কাৰ্যালয়তো কঠোৰভাৱে বলবৎ কৰা হ'ব। গুৰুগ্ৰামৰ চাইবাৰ হাবৰ বাহিৰত ষ্টিকাৰ আৰু বেনাৰ আদি দেখা গৈছে। এই এলেকাতো হৈছে খোৱা আৰু বজাৰ কৰাৰ বাবে এক জনপ্ৰিয় স্থান। স্থানীয় বজাৰ, মল, শ্বপিং কমপ্লেক্স, হাট, বেংক আৰু হোটেলত প্ৰৱেশৰ বাবেও নিৰ্দেশনাটো সম্প্ৰসাৰিত কৰা হৈছে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

অসমতো ইতিমধ্যে এনে এক নিৰ্দেশনা জাৰি কৰা হৈছিল। শ্হতীয়াকৈ কোৰোণাৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰো সস্তম হৈছে।

শেহতীয়া বাতৰি