দোকানৰ মালিকসকলক সাৱধান কৰি দিয়া হৈছে যাতে কোনো লোকক টিকাকৰণৰ চাৰ্টিফিকেট দেখুৱাব নোৱাৰিলে সুৰা বিক্ৰী নকৰে।
দোকানৰ মালিকসকলক সাৱধান কৰি দিয়া হৈছে যাতে কোনো লোকক টিকাকৰণৰ চাৰ্টিফিকেট দেখুৱাব নোৱাৰিলে সুৰা বিক্ৰী নকৰে।
কোৰোণা ভাইৰাছৰ ভেকচিন (Coronavirus Vaccine) চাৰ্টিফিকেট দেখুৱাব নোৱাৰিলে নাপাব মদ। উত্তৰ প্ৰদেশৰ ইতাৱাহ জিলাৰ ছাইফাইৰ একাধিক সুৰৰা বিপণীৰ বাহিৰত ওলমাই দিয়া হৈছে এনে ধৰণৰ জাননী। এই নিৰ্দেশনা জাৰি কৰিছে এডিএম হেম কুমাৰ সিঙে। যাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যখনত।
এডিএম সিঙে বিভিন্ন আৰক্ষী বিষয়াসকলৰ সৈতে ছাইফাই অঞ্চলৰ সুৰাৰ বিপণীসমূহত তদাৰক কৰিবলৈ গৈছিল। আলিগড়ত বিষাক্ত সুৰা সেৱন কৰা প্ৰায় ২৫জন লোকৰ মৃত্যু হৈছিল এই মাহৰ আৰম্ভণিতে। তাৰ পিছতে বিভিন্ন সুৰাৰ বিপণীত অভিযান চলোৱা হয়। আৰু দোকানৰ বাহিৰত কোৰোণাৰ ভেকচিন নল’লে সুৰা কিনিব নোৱাৰিব বুলি নিৰ্দেশনা আঁৰি দিয়া হয়।
দোকানৰ মালিকসকলক সাৱধান কৰি দিয়া হৈছে যাতে কোনো লোকক টিকাকৰণৰ চাৰ্টিফিকেট দেখুৱাব নোৱাৰিলে সুৰা বিক্ৰী নকৰে। দোকানৰ মালিকসকলেও এই কথাত সন্মত হৈছে। ইয়াৰ জৰিয়তে টিকাকৰণৰ প্ৰতি উৎসাহ বাঢ়িব বুলি ধাৰণা কৰা হৈছে। উত্তৰ প্ৰদেশত জুন মাহত ১ কোটি লোকক কোভিডৰ ভেকচিন দিয়াৰ পৰিকল্পনা লোৱা হৈছে। সেইক্ষেত্ৰত এই নিৰ্দেশনা কামত আহিব বুলি ধাৰণা কৰা হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|