Tollgate|Toll Tax: এতিয়া মধ্য প্ৰদেশত কেৱল বাণিজ্যিক বাহনসমূহে টোল টেক্স দিব লাগিব। প্ৰাইভেট বাহন (Private Vehicle)সমূহে বিনা বাধাই টোলগেট পাৰ হৈ যাব পাৰিব।
টোলগেট (Tollgate)ত টেক্স দিয়াক লৈ প্ৰতিদিনে জীয়াতু ভূগিব লাগে সাধাৰণ জনতাই। এইবাৰ ৰাইজক সকাহ দিবলৈ আগবাঢ়ি আহিছে চৰকাৰ। চৰকাৰে ব্যক্তিগত বাহনৰ চালকক টোল টেক্স (Toll Tax) ৰেহাই দিয়াৰ এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত গ্ৰহণ কৰিছে মধ্য প্ৰদেশ (Madhya Pradesh) চৰকাৰে।
এতিয়া মধ্য প্ৰদেশত কেৱল বাণিজ্যিক বাহনসমূহে টোল টেক্স দিব লাগিব। প্ৰাইভেট বাহন (Private Vehicle)সমূহে বিনা বাধাই টোলগেট পাৰ হৈ যাব পাৰিব। মধ্য প্ৰদেশ চৰকাৰে টোল টেক্স নীতিৰ সাস-সলনি কৰাৰ পিছত এই কথা ঘোষণা কৰিছে। অনুমান কৰা মতে আগন্তুক বিধানসভা নিৰ্বাচন (Assembly Election)লৈ লক্ষ্য ৰাখি এই সিদ্ধান্ত লৈছে মধ্য প্ৰদেশৰ বিজেপি চৰকাৰে।
এই নিয়মৰ সকলো বাহন, যি সমূহৰ কোনো ধৰণৰ বাণিজ্যিক ব্যৱহাৰ নহয় সেইবোৰে কোনো টোল দিব নালাগে। মধ্য প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ ২০০টা পথৰ জৰীপ কৰি পোৱা তথ্য মতে টোল টেক্সৰ পৰা সংগ্ৰহ কৰা ৰাজহৰ ৮০ শতাংশ বাণিজ্যিক বাহনৰ পৰা আহে আৰু মাত্ৰ ২০ শতাংশহে ব্যক্তিগত বাহনৰ পৰা আহে। সেয়ে ব্যক্তিগত বাহনক ৰেহাই দিয়া হৈছে টোল টেক্স।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|