কোভিডৰ সৈতে যুঁজি যুঁজি ক্লান্ত হৈ পৰিছে! বাথৰুমলৈ যাবলৈও সময় নাই, পৰিয়ালৰ বাবেও নাই সময়...

News18 Assam | News18-Assam
Updated:April 16, 2021, 11:37 AM IST
কোভিডৰ সৈতে যুঁজি যুঁজি ক্লান্ত হৈ পৰিছে! বাথৰুমলৈ যাবলৈও সময় নাই, পৰিয়ালৰ বাবেও নাই সময়...
শ্বাসৰুদ্ধকাৰী সেই পিপিই কিট পৰিধান কৰি কৰি ভাগৰি পৰা ভাৰত আৰু বিশ্বৰ স্বাস্থ্য কৰ্মীসকল যেন এতিয়া আৰু সেই পৰিৱেশ বিচৰা নাই৷

শ্বাসৰুদ্ধকাৰী সেই পিপিই কিট পৰিধান কৰি কৰি ভাগৰি পৰা ভাৰত আৰু বিশ্বৰ স্বাস্থ্য কৰ্মীসকল যেন এতিয়া আৰু সেই পৰিৱেশ বিচৰা নাই৷

  • Share this:
কোৰোণা ভাইৰাছ মহামাৰীৰ চাপ বহন কৰিছে সমগ্ৰ বিশ্বৰ চিকিৎসা কৰ্মীসকলে৷ কোভিড যোদ্ধাৰ শাৰীত অৱতীৰ্ণ হৈ আনক সুৰক্ষিত কৰি তুলিবলৈ নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি তেওঁলোকে মাথোঁ কৰি গৈছে মানব সেৱা৷

বিগত সময়ত কোভিডক প্ৰতিহত কৰিবলৈ স্বাস্থ্য কৰ্মীসকলে আগবঢ়োৱা অৱদানক যদিও বিশ্বৰ নেতা আৰু নাগৰিকসকলে প্ৰশংসা কৰিছে, তথাপিও কিন্তু সম্প্ৰদায়টোৱে সন্মুখীন হোৱা মানসিক সংগ্ৰাম আৰু শাৰীৰিক কষ্টবোৰ প্ৰায়ে অজ্ঞাত হৈ থাকে। শ্বাসৰুদ্ধকাৰী সেই পিপিই কিট পৰিধান কৰি কৰি ভাগৰি পৰা ভাৰত আৰু বিশ্বৰ স্বাস্থ্য কৰ্মীসকল যেন এতিয়া আৰু সেই পৰিৱেশ বিচৰা নাই৷

কোভিড১৯-ত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হোৱা এগৰাকী মানসিক স্বাস্থ্য কৰ্মীয়ে আৰোগ্য হোৱাৰ পিছতে এটা পোষ্টযোগে কোভিড১৯ মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ চিকিৎসক আৰু নাৰ্ছসকলে সন্মুখীন হোৱা কষ্টৰ বিষয়ে আলোকপাত কৰিছে৷

দেশত কোৰোণাৰ দ্বিতীয় ঢৌৰ লগে লগে সংক্ৰমণৰ ঘটনা বৃদ্ধি হোৱাৰ সময়তে কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱা বন্দনা মহাজন নামৰ এগৰাকী পালেলেটিভ কেয়াৰ কাউন্সিলাৰে প্ৰায় এসপ্তাহ ধৰি চিকিৎসালয়ত নাৰ্ছ, চিকিৎসক আৰু অন্যান্য স্বাস্থ্য কৰ্মীসকল সৈতে বাৰ্তালাপ কৰিছিল। তাৰ পিছতে আৰোগ্য হৈ উঠিয়েই তেওঁ পিপিই কীট পিন্ধি ক্লান্ত হৈ পৰা এগৰাকী চিকিৎসা কৰ্মীয়ে বিশ্ৰাম লৈ থকাৰ এখন ফটো টুইটাৰত পোষ্ট কৰি লিখিছিল চিকিৎসক তথা স্বাস্থ্য কৰ্মীৰ কষ্টৰ কাহিনী৷

মহাজনে প্ৰকাশ কৰিছিল যে কিদৰে তেওঁ চিকিৎসালয়ত কথা পতা এগৰাকী নাৰ্ছে কোভিড১৯ৰ আৰম্ভণিৰ পৰাই অবিৰতভাৱে কাম কৰিছিল চিকিৎসালয়ত। য’ত নাৰ্ছগৰাকীয়ে তেওঁক জনাইছিল যে কৰ্তব্যৰ খাতিৰত কিদৰে তেওঁ হোষ্টেলত থাকি নিজৰ সন্তান আত্মীয়ৰ ঘৰত ৰাখিছিল। তেওঁৰ স্বামীয়ে থাৰ গাল্ফত কাম কৰাৰ বাবে তেওঁ ঘৰলৈ ঘূৰি যোৱাৰ সময় আহিছিল কিয়নো সন্তানক পঢ়া–শুনাত সহায়ৰ প্ৰয়োজন হৈছিল। যাৰ বাবে তেওঁ সংক্ৰমিত নোহোৱাৰ কামনা কৰিছিল৷

ইফালে আন এগৰাকী নাৰ্ছে এগৰাকী কোভিড ৰোগীৰ মৃত্যুৰ পিছত তেওঁৰ ওচৰত দুখো প্ৰকাশ কৰিছিল৷

মহাজনে লগতে কয় যে চিকিৎসক, নাৰ্চসকলৰ লগতে চিকিৎসালয়ৰ অনাময় আৰু অন্যান্য কৰ্মচাৰীসকলে এইসময়ত যেন ভাইৰাছৰ এক বোজা বহন কৰি আছে। এগৰাকী নাৰ্ছে মোক কৈছিল যে তেওঁলোকৰ শৰীৰটো যেন ব্যাহত হৈ পৰিছে। তেওঁলোকৰ পেটৰ সমস্যা, মুখত আলচাৰ হৈছে আৰু ঋতুস্ৰাৱৰ সময়ত চেনিটাৰী পেড সলনি কৰাটো মানৱীয়ভাৱে অসম্ভৱ কাম হৈ পৰিছে৷

চিকিৎসক তথা স্বাস্থ্যসেৱা কৰ্মীসকলক কষ্টৰ ছবিখন দেখুৱাই মহাজনে ছচিয়েল মিডিয়াত কৰা পোষ্টটোৱে সকলোৰে সঁহাৰি লাভ কৰিছিল৷ লগতে সকলোৱে একেমুখে কোভিড-১৯ মহামাৰীৰ সৈতে মোকাবিলা কৰা চিকিৎসক তথা স্বাস্থ্যসেৱা কৰ্মীসকলৰ স্বাস্থ্যৰ বিশেষ যত্নৰ দাবী তুলিছিল৷

লক্ষণীয় যে, কোভিদ-১৯ৰ দ্বিতীয় ঢৌৰ মাজত ভাৰতত বিগত ২৪ ঘণ্টাত দুই লাখতকৈও অধিক লোক আক্ৰান্ত হৈছে কোভিড-১৯ত। ২ এপ্ৰিলৰ পৰা, ভাৰতে অভিলেখ সংখ্যক ঘটনাৰ সৈতে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত দেশৰ শাৰীত উপনীত হৈছে।
Published by: Sanjay Kumar Das
First published: April 16, 2021, 11:36 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি