ৰাজনীতিত অপৰাধীৰ সংখ্যা বৃদ্ধি পোৱা ঘটনাৰ বিৰুদ্ধে দাখিল হোৱা আবেদনৰ ওপৰত আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। আদালতে সিদ্ধান্ত ল’ব যে অপৰাধজনিত ঘটনাত জড়িত ব্যক্তিয়ে টিকট পোৱা উচিত নে অনুচিত। ন্যায়াধীশ আৰ এফ নাৰিমন আৰু এছ ৰবিন্দ্ৰ ভাটৰ বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি।
কেইবাগৰাকীও আবেদনকাৰীৰ ভিতৰত বিজেপি নেতা অশ্বিনী উপাধ্যায়ে উচ্চতম ন্যায়ালয়ত দাবী জনাইছিল যে অপৰাধজনিক ঘটনাত লিপ্ত নেতাক নিৰ্বাচনৰ টিকট নিদিবলৈ ৰাজনৈতিক দলৰ ওপৰত হেঁচা দিয়াৰ বাবে ন্যায়ালয়ে নিৰ্বাচন আয়োগক নিৰ্দেশ দিয়ক।
ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে ৰাজনীতিৰ অপৰাধীকৰণ শেষ কৰাৰ বাবে নিৰ্বাচন আয়োগক এক সপ্তাহৰ ভিতৰত ফ্ৰেমৱৰ্ক প্ৰস্তুত কৰাৰ নিৰ্দেশ দিছিল।
জন প্ৰতিনিধি আইন, ১৯৫১ৰ ধাৰা ৮ অনুসৰি, দোষী ৰাজনৈতিক নেতাক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে, কিন্তু কেৱল গোচৰ চলি থকা লোকসকলে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব পাৰিব। লাগিলে তেওঁৰ ওপৰত থকা অভিযোগ যিমানেই গুৰুতৰ নহওক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|