মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»NRC কলৈ শংকিত হোৱাৰ কাৰণ নাই, প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আলোচনা কৰাৰ আহ্বান শ্বেখ হাছিনাৰ

NRC কলৈ শংকিত হোৱাৰ কাৰণ নাই, প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আলোচনা কৰাৰ আহ্বান শ্বেখ হাছিনাৰ

News18-Assam
Updated:October 4, 2019, 6:51 PM IST
NRC কলৈ শংকিত হোৱাৰ কাৰণ নাই, প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আলোচনা কৰাৰ আহ্বান শ্বেখ হাছিনাৰ
‘মই কোনো অসুবিধা দেখা নাই, মই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কথা পাতিছো’– এই মন্তব্য বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ

‘মই কোনো অসুবিধা দেখা নাই, মই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কথা পাতিছো’– এই মন্তব্য বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ

  • Share this:
অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ ৰক্ষা কৱচ বুলি দাবী কৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকলৈ সমগ্ৰ দেশ জুৰি অব্যাহত আছে সৰব চৰ্চা। এইবাৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত কৰিছে বিশেষ মন্তব্য। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকলৈ শংকিত হোৱাৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰিছে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।

উল্লেখ যোগ্য যে,  প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত সম্পন্ন হোৱা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ ফলত দেশত কোনোধৰণৰ সমস্যাৰ সৃষ্টি হোৱা নাই বুলি দিয়া উল্লেখ কৰিছিল বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আগত। প্ৰধানমন্ত্ৰীৰ এই মন্তব্যৰ পিছত বৃহস্পতিবাৰে সন্তুষ্টি প্ৰকাশ কৰে বাংলাদেশৰ প্রধান মন্ত্ৰী শ্বেইখ হাছিনাই।

বাংলাদেশী ৰাষ্ট্ৰদূত ছৈয়দ মুছামিন আলীয়ে অনুষ্ঠিত কৰা এন আৰ চি সম্পৰ্কীয় এক অনুষ্ঠানত অংশগ্ৰহণ কৰি হাছিনাই এন আৰ চি প্ৰক্ৰিয়াত কোনোধৰণৰ অসুবিধা হোৱা নাই বুলি উল্লেখ কৰি এই সম্পৰ্কত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এন আৰ চিৰ বিষয়ত বাৰ্তালাপ কৰিছে বুলিও কয়। উল্লেখযোগ্য যে, বিশ্ব বাণিজ্য মঞ্চৰ অৰ্থনৈতিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে বৰ্তমান বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনা ভাৰতত উপস্থিত আছে আৰু শনিবাৰে তেওঁ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ কথা।
First published: October 4, 2019, 6:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি