• Home
  • »
  • News
  • »
  • nation
  • »
  • Tit For Tat : মোদীৰ বিচক্ষণতাত হাৰ মানিলে ব্ৰিটেইনে, এতিয়াৰে পৰা ক'ভিশ্বিল্ড লোৱা যাত্ৰীৰ বাবে মুকলি হ'ল ব্ৰিটেইন যাত্ৰাৰ পথ

Tit For Tat : মোদীৰ বিচক্ষণতাত হাৰ মানিলে ব্ৰিটেইনে, এতিয়াৰে পৰা ক'ভিশ্বিল্ড লোৱা যাত্ৰীৰ বাবে মুকলি হ'ল ব্ৰিটেইন যাত্ৰাৰ পথ

file image

file image

Tit For Tat : ব্ৰিটেইনৰ উচ্চায়ুক্তৰ ঘোষণাৰ পিছতে সামাজিক মাধ্যমত মোডীক উচ্চ প্ৰশংসা ভাৰতীয় লোকৰ।

  • Share this:
অসমীয়াত এষাৰ কথা আছে "যেন কুকুৰ তেন টাঙোন"। সেই বাক্য ফাঁকিকেই যেন ব্ৰিটেইন (UK) চৰকাৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi)য়ে। ৰাজনৈতিক বিচক্ষণতা আৰু সুপৰিকল্পিত বিশ্বনীতিৰ বাবে জনপ্ৰিয়তাৰ দিশত আমেৰিকাৰ ৰাষ্ট্ৰপ্ৰধানকো চেৰাই বিশ্বৰ প্ৰথম স্থান লাভ কৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰ জনপ্ৰিয় হৈ পৰিছে সামাজিক মাধ্যমত। ব্ৰিটেইনে ভাৰতৰ ক্ষেত্ৰত লোৱা নীতিৰ সমুচিত প্ৰত্যুত্তৰ দি বৰ্তমান সামাজিক মাধ্যমত প্ৰশংসিত হৈ পৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী।

উল্লেখযোগ্য যে, ক'ভিদ১৯ (Covid19)ৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতে ব্ৰিটেইনৰ অক্সফৰ্ডৰ দ্বাৰা নিৰ্মিত ক'ভিশ্বিল্ড ভেকচিন (Covishield Vaaccine) দেশবাসীৰ বাবে ক্ৰয় কৰিছিল। ক'ৰোণা (Corona)ৰ প্ৰতিষেধক হিচাপে ভাৰত চৰকাৰে দেশীয় ভাৱে নিৰ্মিত ক'ভাক্সিন (Covaxin)ৰ লগতে ক'ভিশ্বিল্ডো দেশবাসীক প্ৰদান কৰিছিল। বিদেশ যাত্ৰাৰ ক্ষেত্ৰত ক'ভাক্সিন লোৱা যাত্ৰীসকল নিষেধাজ্ঞাৰ সন্মুখীন হৈছিল যদিও ক'ভিশ্বিল্ডৰ দুয়োটা পালি গ্ৰহণ কৰা বিদেশ যাত্ৰীসকলৰ ক্ষেত্ৰত নাছিল কোনো বাধা। কিন্তু আশ্বৰ্য্যজনক ভাৱে ব্ৰিটেইন চৰকাৰে ক'ভিশ্বিল্ডৰ দুয়োটা পালি গ্ৰহণ কৰা ভাৰতীয়ৰ ক্ষেত্ৰটো জাৰি কৰিছিল কঠোৰ নিয়ম। ব্ৰিটেইনত নিৰ্মিত ক'ভিশ্বিল্ড লোৱা ভাৰতীয়ও ব্ৰিটেইন যাত্ৰা কৰিলে ১০দিনৰ বাবে কোৱাৰেণ্টাইন 9Quarantine) হোৱাটো বাধ্যতামূলক কৰিছিল ব্ৰিটেইন চৰকাৰে। ব্ৰিটেইন চৰকাৰৰ এই নিয়মে ব্যাপক অসুবিধাৰ সন্মুখীন কৰাইছিল ব্ৰিটেইন অভিমুখী ভাৰতীয় সকলক। ব্ৰিটেইনৰ এই নিয়মৰ প্ৰতিবাদ কৰাৰ পৰিৱৰ্তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ব্ৰিটেইনৰ পৰা ভাৰতলৈ অহা সকলৰ ক্ষেত্ৰত একে নিয়ম প্ৰযোজ্য কৰে। অৱশেষত মোদীৰ এই নীতিত সুৰ সলাবলৈ বাধ্য হ'ল ব্ৰিটেইন চৰকাৰ।  ক'ভিশ্বিল্ড লোৱা ভাৰতীয়ৰ ক্ষেত্ৰত সকলো নিয়ম শিথিল কৰিলে ব্ৰিটেইন চৰকাৰে।

এতিয়াৰে পৰা ব্ৰিটেইন যাত্ৰা কৰা ভাৰতীয়ই ১০দিন কোৱাৰেণ্টেইন হোৱাৰ কোনো প্ৰয়োজন নাই। ক'ভিশ্বিল্ড অথবা ব্ৰিটেইন অনুমোদিত প্ৰতিষেধক গ্ৰহণ কৰা সকলো ভাৰতীয়ৰ বাবে এই নিয়ম প্ৰযোজ্য কৰাৰ কথা ঘোষণা কৰিলে ব্ৰিটিছ উচ্চায়ুক্ত এলেক্স ইলিছে। ইয়াৰ পিচতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সামাজিক মাধ্যমত পুনৰ প্ৰশংসাৰে উপচালে ভাৰতীয়ই। 'Tit For Tat' অৰ্থাৎ 'যেন কুকুৰ তেন টাঙোন' নীতি গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ বিশ্ববাসীৰ ওচৰত প্ৰমাণ কৰিলে তেঁওৰ বিচক্ষণতাৰ।
Published by:Manjumoni Borah
First published: