• Home
  • »
  • News
  • »
  • nation
  • »
  • কন্ট্ৰেক্ট ফাৰ্মিঙৰ সৈতে আমাৰ কোনো লেনা–দেনা নাই, কম দামত খেতিৰ মাটি ক্ৰয় নকৰোঃ ৰিলায়েন্স

কন্ট্ৰেক্ট ফাৰ্মিঙৰ সৈতে আমাৰ কোনো লেনা–দেনা নাই, কম দামত খেতিৰ মাটি ক্ৰয় নকৰোঃ ৰিলায়েন্স

কোম্পানীয়ে এইটোলৈকে কয় যে তেওঁলোকে খেতিৰ কাৰণে মাটি ক্ৰয় নকৰে।

কোম্পানীয়ে এইটোলৈকে কয় যে তেওঁলোকে খেতিৰ কাৰণে মাটি ক্ৰয় নকৰে।

কোম্পানীয়ে এইটোলৈকে কয় যে তেওঁলোকে খেতিৰ কাৰণে মাটি ক্ৰয় নকৰে।

  • Share this:
পঞ্জাৱত ৰিলায়েন্স জিঅ’ৰ বিৰুদ্ধে কৃষকৰ বিৰোধক লৈ ৰিলায়েন্সে কৃষকৰ আগত আত্মপক্ষ উত্থাপন কৰিছে। ৰিলায়েন্সে কয় যে আমাৰ কৰ্প’ৰেট ফাৰ্মিং বা কন্ট্ৰেক্ট ফাৰ্মিঙৰ সৈতে কোনো লেনা–দেনা নাই। ৰিলায়েন্সে কয়, "কৰ্প’ৰেট বা কন্ট্ৰেক্ট ফাৰ্মিঙত আমাৰ অন্তৰ্ভুক্ত হোৱাৰ কোনো পৰিকল্পনা নাই।" কোম্পানীয়ে এক বিবৃতি জাৰি কৰি এই কথা কয় যে, "আমি কেতিয়াও কৰ্প’ৰেট ফাৰ্মিঙৰ কাৰণে মাটি ক্ৰয় কৰা নাই।" কোম্পানীয়ে এইটোলৈকে কয় যে তেওঁলোকে খেতিৰ কাৰণে মাটি ক্ৰয় নকৰে।

ৰিলায়েন্সে সোমবাৰে এক বিবৃতি জাৰি কৰি স্পষ্ট কৰে যে তেওঁলোকে কৃষকৰ পৰা ডাইৰেক্ট শস্য ক্ৰয় নকৰে। চাপ্লায়াৰ্ছ সকলে কৃষকৰ পৰা MSPত শস্য ক্ৰয় কৰে। কোম্পানীয়ে কয় যে তেওঁলোকে কেতিয়াও কম দামত লং টাৰ্ম প্ৰকিউৰমেণ্ট কন্ট্ৰেক্ট (ক্ৰয় কৰাৰ স্বীকাৰ) নকৰে। কোম্পানীয়ে কয় যে তেওঁলোকৰ উদ্দেশ্য কৃষকক শক্তিশালী কৰা।

বিবৃতি


ৰিলায়েন্সে ভঙা–চিঙাক লৈ পঞ্জাৱ আৰু হাৰিয়ানাৰ হাইকৰ্টত ৰিট পেটিচন দিছে। ৰিলায়েন্সে পঞ্জাৱ আৰু হাৰিয়ানা হাইকৰ্টক আৱেদন কৰিছে যে আমাৰ কৰ্মচাৰী আৰু সম্পত্তিক লোকচানৰ পৰা বচোৱা হওক। কোম্পানীয়ে এই কথাও কয় যে এই ভঙা–চিঙাৰ আঁৰত ব্যৱসায়িক প্ৰতিদ্বন্দ্বীসকলৰ হাত আছে।

(Disclosure: Reliance Industries Ltd. is the sole beneficiary of Independent Media Trust which controls Network18 Media & Investments Ltd which publishes Moneycontrol.)
First published: