পাকিস্তানক সকীয়নি সেনাপ্ৰধান বিপিন ৰাৱটৰ – প্ৰয়োজনত আকৌ অতিক্ৰম কৰিম নিয়ন্ত্ৰণ ৰেখা

ৰাৱটে কয় যে ছাৰ্জিকেল ষ্ট্ৰাইকৰ দ্বাৰা এক বাৰ্তা গৈছে যে নিযন্ত্ৰণ ৰেখাত তেতিয়ালৈকে শান্তি বৰ্তি থাকিব, যেতিয়ালৈকে পাকিস্তানে পৰিস্থিতিৰ অৱনতি ঘটোৱাৰ চেষ্টা নকৰে।

News18-Assam
Updated:September 30, 2019, 9:14 AM IST
পাকিস্তানক সকীয়নি সেনাপ্ৰধান বিপিন ৰাৱটৰ – প্ৰয়োজনত আকৌ অতিক্ৰম কৰিম নিয়ন্ত্ৰণ ৰেখা
ৰাৱটে কয় যে ছাৰ্জিকেল ষ্ট্ৰাইকৰ দ্বাৰা এক বাৰ্তা গৈছে যে নিযন্ত্ৰণ ৰেখাত তেতিয়ালৈকে শান্তি বৰ্তি থাকিব, যেতিয়ালৈকে পাকিস্তানে পৰিস্থিতিৰ অৱনতি ঘটোৱাৰ চেষ্টা নকৰে।
News18-Assam
Updated: September 30, 2019, 9:14 AM IST
ভাৰত–পাক সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাত বিগত কিছুদিন ধৰি হৈ থকা গুলীয়াগুলিৰ ঘটনাৰ মাজতে পাকিস্তানক আকৌ এবাৰ সকীয়নি প্ৰদান কৰিছে ভাৰতীয় সেনাপ্ৰধানে। জেনেৰেল বিপিন ৰাৱটে পাকিস্তানক সকীয়নি প্ৰদান কৰি কয় যে প্ৰয়োজন হ’লে আকৌ ভাৰতীয় সেনাই অতিক্ৰম কৰিব পাৰে সীমান্ত।

‘টাইমছ অব ইণ্ডিয়া’ক দিয়া এক সাক্ষাৎকাৰত সেনাপ্ৰধান জেনেৰেল বিপিন ৰাৱটে কয় যে ছাৰ্জিকেল ষ্ট্ৰাইকৰ দ্বাৰা এক বাৰ্তা গৈছে যে নিযন্ত্ৰণ ৰেখাত তেতিয়ালৈকে শান্তি বৰ্তি থাকিব, যেতিয়ালৈকে পাকিস্তানে পৰিস্থিতিৰ অৱনতি ঘটোৱাৰ চেষ্টা নকৰে। যদি পাকিস্তানে তেনে কোনো কাম কৰে, তেন্তে ভাৰতীয় সেনাই আকৌ এবাৰ সীমান্ত অতিক্ৰম কৰিব পাৰে।

উল্লেখযোগ্য যে উৰি আক্ৰমণৰ পিছত ভাৰতীয় সেনাই ২০১৬ চনৰ ২৮ ছেপ্টেম্বৰত সীমান্ত অতিক্ৰম কৰি পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ শিবিৰ ধ্বংস কৰিছিল। ইয়াৰ পিছত চলিত বৰ্ষত পুলৱামা আক্ৰমণৰ পিছত ভাৰতীয় সেনাই পাকিস্তানৰ বালাকোট আৰু নিয়ন্ত্ৰণ ৰেখাত চলাইছিল এয়াৰ ষ্ট্ৰাইক।

জেনেৰেল বিপিন ৰাৱটে সন্ত্ৰাসবাদীক সমৰ্থন কৰাৰ বাবে পাকিস্তানক সমালোচনা কৰে। তেওঁ কয় যে যেতিয়া মোদী চৰকাৰে জম্মু–কাশ্মীৰত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰে, তেতিয়া আমাৰ প্ৰতিবেশী দেশে ইয়াৰ বিৰুদ্ধে জেহাদ আৰম্ভ কৰিছিল।

এয়াও পঢ়ক : চুটি কাপোৰ পিন্ধিলে বা ৰাজহুৱা স্থান চুমা খালে বৃহৎ পৰিমাণৰ জৰিমনা, ক’ত?

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।



 
আৰু চাওক পৰৱৰ্তী বাতৰি