উফ কি ভুল কৰিলো! নাবালক পুত্ৰক বাইক চলাবলৈ দি পিতৃয়ে ভৰিলে ৪৩ হাজাৰ টকা

News18 Assam | News18-Assam
Updated:February 9, 2020, 7:40 PM IST
উফ কি ভুল কৰিলো! নাবালক পুত্ৰক বাইক চলাবলৈ দি পিতৃয়ে ভৰিলে ৪৩ হাজাৰ টকা
Source-Google

উৰিষ্যাত কঠোৰ ট্ৰেফিক আৰক্ষী

  • Share this:
দেশত বলৱৎ কৰা হ’ল নতুন যান–বাহন আইন। আগতকৈ এতিয়া অত্যন্ত কঠোৰ নতুন যান–বাহন আইন। অমান্য কৰিলেই এতিয়া বিহা হয় বৃহৎ জৰিমনা। লগতে কৰা হয় লাইচেঞ্চ বাতিল। উৰিষ্যাত নিজৰ নাবালক পুত্ৰক বাইক চলাবলৈ দি এগৰাকী ব্যক্তিয়ে ভৰিবলগীয়া হ’ল প্ৰায় ৪৩ হাজাৰ টকা।

জানিব পৰা মতে, এখন বাইকত ৩ গৰাকী কিশোৰে হেলমেট নিপিন্ধাকৈ ভুল দিশত আহি থাকোতে মুখামুখি হয় যান-বাহন আৰক্ষীৰ। পিছত আৰক্ষীয়ে বাইক খন ৰখাই কিশোৰ জনৰ পৰা ড্ৰাইভিং লাইচেঞ্চ বিচাৰে। কিন্তু ড্ৰাইভিং লাইচেঞ্চ নথকা কিশোৰ জনৰ পৰা বাইকৰ পঞ্জীয়ন কাৰ্ডখন চাই আৰক্ষীয়ে বাইকখন নাৰায়ণ বেহেৰা নামৰ এজন ব্যক্তিৰ বুলি চিনাক্ত কৰে। পুত্ৰ নাৰায়ণ বেহেৰাৰ পুত্ৰ আকাশে লাইচেঞ্চ নথকাৰ লগতে, হেলমেট নিপিন্ধি, এখন বাইকত তিনিজন অহাত আৰক্ষীয়ে বেহেৰাৰ নামত ৪২ হাজাৰ টকাৰ এখন চালান কাটে।

চালানখনত লিখা আছিল এনেদৰে–

নাবালকে বাইক চলোৱাৰ বাবে ২৫০০০ টকা
দুচকীয়া বাহনত তিনিজন উঠাত– ১০০০ টকা
হেলমেট পৰিধান নকৰি বাইক চলোৱাত– ১০০০ টকা
ড্ৰাইভিং লাইচেঞ্চ নথকাৰ বাবে– ৫০০০ টকা

সাধাৰণ আইন লংঘনৰ বাবে ৫০০ টকা
ভুল দিশত বাইক চলোৱাৰ বাবে ৫০০০ টকা
আৰু চাওক
পৰৱৰ্তী বাতৰি