• Home
  • »
  • News
  • »
  • nation
  • »
  • লোকসভাত বিজেপি সাংসদৰ মন্তব্য, মাজুলীত নাই খিলঞ্জীয়া অসমীয়াৰ অৱস্থিতি

লোকসভাত বিজেপি সাংসদৰ মন্তব্য, মাজুলীত নাই খিলঞ্জীয়া অসমীয়াৰ অৱস্থিতি

RSTV

RSTV

মাজুলী সন্দৰ্ভত বিজেপিৰ সাংসদৰ এনে অদ্ভুত মন্তব্যই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে

  • Share this:
ৰাজ্যসভাত পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীকলৈ অদ্ভুত মন্তব্য বিজেপি সাংসদ ড০ বিনয় পি সহস্ৰবুদ্ধেৰ। ৰাজ্যসভাত মহাৰাষ্ট্ৰৰ বিজেপি সাংসদগৰাকীয়ে কয় যে, " আমি সকলোৱে জানো মাজুলী নামৰ এটা নদী দ্বীপ আছে অসমত। এই মাজুলীত খিলঞ্জীয়া অসমীয়াৰ অৱস্থিতি নাই। বাংলাদেশৰ পৰা অহা যিসকল শৰণাৰ্থীয়ে প্ৰশ্ৰয় ল'ব বিচাৰিছিল সেইসকল হে আছে মাজুলীত।"

সাংসদগৰাকীৰ এনে মন্তব্যৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত। ৰাজ্যত চলি থকা  কেব বিৰোধী আন্দোলনৰ মাজতে সাংসদগৰাকীৰ মাজুলীকলৈ কৰা এনে মন্তব্যক সহজভাবে ল’ব পৰা নাই ৰাজ্যবাসীয়ে।

First published: