
শুকুৰবাৰে ,সংবাদ মেলত এই কথা সদৰী কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে।
শুকুৰবাৰে ,সংবাদ মেলত এই কথা সদৰী কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে।
চিন্তাৰ কোনো কাৰণ নাই। ভাৰতবৰ্ষৰ অৰ্থনীতি এতিয়াও সুস্থিৰ অৱস্থাতে আছে বুলি দাবী কৰিলে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে। শুকুৰবাৰে সংবাদমেলৰ জৰিয়তে দেশত বৰ্তমান তীব্ৰ আৰ্থিক সংকট চলাৰ কথা অস্বীকাৰ কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে। কিন্তু সেই সময়তে নিটি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে দিছে ভয়াৱহ ভবিষ্যতৰ ইংগিত। ভাৰতৰ অৰ্থনীতি দ্ৰূত অৱনতি ঘটিছে বুলি অভিহিত কৰে নিটি আয়োগৰ উপাধ্যক্ষ জনে।
কিন্তু একে সময়তে দেশত চলিত বিত্তীয় সংকটৰ কথা অস্বীকাৰ কৰিছে বিত্ত মন্ত্ৰী নিৰ্মলা সিতাৰমণে। বিত্ত মন্ত্ৰীগৰাকীয়ে দেশৰ অৰ্থনীতি এতিয়াও শক্তিশালী বুলি কৰা মন্তব্যই এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে। তাৰ সমান্তৰাল ভাবে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে দেশৰ সাধাৰণ নাগৰিকৰ কাৰণে কেতবোৰ বিশেষ ৰেহাইৰ কথাও সংবাদমেলত উল্লেখ কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|