নথি–পত্ৰ নোহোৱাকৈ CAAৰ জৰিয়তে পাব নাগৰিকত্ব! ধৰ্মীয় অত্যাচাৰৰ প্ৰমাণ কোনে দিব পাৰে? সাংবাদিকক ওলোটাই প্ৰশ্ন ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

News18 Assam | News18-Assam
Updated:January 18, 2020, 7:45 PM IST
নথি–পত্ৰ নোহোৱাকৈ CAAৰ জৰিয়তে পাব নাগৰিকত্ব! ধৰ্মীয় অত্যাচাৰৰ প্ৰমাণ কোনে দিব পাৰে? সাংবাদিকক ওলোটাই প্ৰশ্ন ডঃ হিমন্ত বিশ্ব শৰ্মাৰ
ফাইল ফটো

হিমন্ত বিশ্বৰ মতে পশ্চিম বংগত সৰ্বাধিক ১ কোটিতকৈ অধিক লোকে CAA ৰ যোগেদি নাগৰিকত্ব পাব । 

  • Share this:
ৰাজ্যজুৰি ‘কা’ বিৰোধী আন্দোলন তীব্ৰতৰ হোৱাৰ সময়তে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিলে কেতবোৰ বিশেষ তথ্য। নাগৰিকত্ব সংশোধনী আইনৰ সম্বন্ধীয় বিধি প্ৰস্তুতৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে চৰকাৰে। ৰাজ্য চৰকাৰে বিধি সমূহ কেনে হোৱা উচিত সেই সন্দৰ্ভত এক প্ৰতিবেদন কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক প্ৰদান কৰিছে বুলি জনায় মন্ত্ৰীয়ে । তাৎপৰ্যপূৰ্ণভাৱে এই বিধি সমূহত ধৰ্মীয় অত্যাচাৰৰ কোনো চৰ্ত নাই; আবেদনকাৰীয়ে ধৰ্মীয় অত্যাচাৰৰ প্ৰমাণ দিব নালাগে । আবেদনকাৰীয়ে কেনেকৈ বাংলাদেশৰ থানাৰ পৰা প্ৰমাণ পত্ৰ আনি দিব আৰু বাংলাদেশেও কিয় দিব তেনে প্ৰমাণ পত্ৰ ? এই প্ৰসংগত ওলোটাই সাংবাদিকক প্ৰশ্ন কৰে হিমন্ত বিশ্বই। মন্ত্ৰীয়ে জনোৱা মতে আবেদনকাৰীয়ে কেৱল ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগতে অহাটো সুনিশ্চিত কৰিলেই হ’ল । হিমন্ত বিশ্বৰ দাবী, নিয়ম নিৰ্ধাৰণ হোৱাৰ পাছত অসমৰ ৰাইজ আৰু অধিক আশ্বস্ত হব পাৰিব, কাৰণ তেওঁলোকে গম পাব অসমত ৩ লক্ষৰ পৰা ৫ লক্ষ হে তেনে লোক আছে । হিমন্ত বিশ্বৰ মতে পশ্চিম বংগত সৰ্বাধিক ১ কোটিতকৈ অধিক লোকে CAA ৰ যোগেদি নাগৰিকত্ব পাব ।

চাওক হিমন্ত বিশ্বৰ মন্তব্যঃ
আৰু চাওক
পৰৱৰ্তী বাতৰি