• Home
  • »
  • News
  • »
  • nation
  • »
  • দীপাৱলীত নিষিদ্ধ কৰিলে ফটকাৰ বিক্ৰী আৰু ব্যৱহাৰ! কোৰোণা ৰোগীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ল’লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

দীপাৱলীত নিষিদ্ধ কৰিলে ফটকাৰ বিক্ৰী আৰু ব্যৱহাৰ! কোৰোণা ৰোগীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ল’লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

দীপাৱলীৰ পূৰ্বে গুৰুত্বপূৰ্ণ খবৰ! এইবাৰ দীপাৱলীত ব্যৱহাৰ কৰিব নোৱাৰিব ফটকা!

দীপাৱলীৰ পূৰ্বে গুৰুত্বপূৰ্ণ খবৰ! এইবাৰ দীপাৱলীত ব্যৱহাৰ কৰিব নোৱাৰিব ফটকা!

দীপাৱলীৰ পূৰ্বে গুৰুত্বপূৰ্ণ খবৰ! এইবাৰ দীপাৱলীত ব্যৱহাৰ কৰিব নোৱাৰিব ফটকা!

  • Share this:
দীপাৱলীৰ পূৰ্বে গুৰুত্বপূৰ্ণ খবৰ! এইবাৰ দীপাৱলীত ব্যৱহাৰ কৰিব নোৱাৰিব ফটকা। আনকি কৰিব নোৱাৰিব বিক্ৰীও। কোৰোণাত আক্ৰান্ত ৰোগীৰ স্বাস্থ্যৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত। পিছে এই সিদ্ধান্ত অসমৰ বাবে নহয়, উৰিষ্যা আৰু ৰাজস্থান চৰকাৰে লৈছে এই সিদ্ধান্ত।

কোৰোণাত আক্ৰান্ত ৰোগীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি অহা ১০ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰ পৰ্যন্ত উৰিষ্যাত ফটকা, আটচবাজী ফুটোৱা বা বিক্ৰী কৰা নিষিদ্ধ ঘোষণা কৰিছে চৰকাৰে। আনহাতে উৰিষ্যা চৰকাৰে এইবাৰ দীপাৱলীত কেৱল মাটিৰ চাকি আৰু মমবাতি জ্বলাবলৈ আহ্বান জনাইছে। আনহাতে ৰাজস্থান চৰকাৰেও লৈছে অনুৰূপ সিদ্ধান্ত। দীপাৱলীত এইবাৰ ফটকা বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰিছে ৰাজস্থান চৰকাৰেও।

একেদৰে পশ্চিম বংগ , হাৰিয়ানা আৰু দিল্লী চৰকাৰেও দীপাৱলীত এইবাৰ ফটকা ব্যৱহাৰ নিষিদ্ধ কৰিছে।
Published by:Himangshu Bhuyan
First published: