দিল্লীৰ মুখ্যমন্ত্ৰী আৰু আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে দেওবাৰে কোনো দলৰে সৈতে ৰাজনৈতিক মিত্ৰতা স্থাপন নকৰাৰ অভিপ্ৰায় স্পষ্ট কৰে। তেওঁ কয়, দলটোৱে (অনাগত ২০২৪চনৰ লোকসভা নিৰ্বাচনত) দেশৰ ১৩০ কোটি লোকৰে মিত্ৰতা কৰিব। মহাৰাষ্ট্ৰৰ নাগপুৰত লোকমত সংবাদগোষ্ঠীৰ সোণালী জয়ন্তী সমাৰোহত উপস্থিত থাকি দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য প্ৰদান কৰে।
তেওঁ কয় –“বহু লোকে মোক সোধে ৰাষ্ট্ৰীয় পৰ্যায়ত আপুনি কাৰ সৈতে মিত্ৰতা কৰিব? তেতিয়া মই কওঁ – মই ৰাজনীতি কৰিব নাজানো, কাৰোবাক প্ৰতিহত কৰিবলৈ মই ১০/২০টা দলৰ মিত্ৰতা বুজি নাপাওঁ। মই কাকো হৰুৱাব নিবিচাৰো, মই বিচাৰো দেশ জয়ী হওক। দেশক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিবলৈ মই ১৩০ কোটি জনতাৰে মিত্ৰতা কৰিম।
বিনামূলীয়া সামগ্ৰী বিতৰণৰ সন্দৰ্ভতো মন্তব্য কৰে কেজৰিৱালে। তেওঁ কয় আগতে জনকল্যাণৰ কাৰণে নিৰ্ধাৰিত ধন আত্মসাৎ হৈছিল। এতিয়া নহয়, আৰু সেই ৰাহি হোৱা ধনেৰে ৰাইজক বিনামূলীয়া বিজুলী আৰু অন্যান্য সেৱা আগবঢ়োৱা হয়।
কোনো দলৰ নাম নোলোৱাকৈ তেওঁ কয় – এটা দল আছে যি সংঘৰ্ষৰ সূত্ৰপাত, হিংসাৰ আশ্ৰয় লয়; যিসকলে সংঘৰ্ষ ভাল পায় তেওঁলোকৰ লগত যাব পাৰে। আৰু যিসকলে দেশক ভাল পায়, বিদ্যালয় বিচাৰে, হাস্পতাল বিচাৰে আম আদমী পাৰ্টী যোগদান কৰক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|