নেচনেল মেডিকেল কাউন্সিল বিধেয়কৰ বিৰোধিতাৰে দেশজুৰি ৩ লাখ চিকিৎসকৰ প্ৰতিবাদ
News18-Assam Updated:July 31, 2019, 9:38 AM IST

কৰ্মবিৰতিৰ ফলত আজি পুৱা ৬ বজাৰ পৰা বৃহস্পতিবাৰৰ পুৱা ৬ বজালৈ OPD সেৱাৰ পৰা বিৰত থাকিব চিকিৎসকসকল।
কৰ্মবিৰতিৰ ফলত আজি পুৱা ৬ বজাৰ পৰা বৃহস্পতিবাৰৰ পুৱা ৬ বজালৈ OPD সেৱাৰ পৰা বিৰত থাকিব চিকিৎসকসকল।
- News18 Assam
- Last Updated: July 31, 2019, 9:38 AM IST
প্ৰতিবাদী চিকিৎসকসকলৰ মতে, ৰোগীক হাৰাশাস্তি কৰাৰ বাবে নহয়, চৰকাৰক বিধেয়কখনৰ দুৰ্বলতাসমূহৰ বিষয়ে অৱগত কৰাবলৈহে এই ধৰ্মঘটৰ আহ্বান কৰা হৈছে। মহাৰাষ্ট্ৰৰ ৪৪ হাজাৰ চিকিৎসক বহিব কৰ্মবিৰতিত। এই প্ৰতিবাদৰ সময়ত অব্যাহত থাকিব জৰুৰীকালীন সেৱা। আই এম এৰ পৰা পোৱা তথ্য অনুসৰি কৰ্মবিৰতিৰ ফলত আজি পুৱা ৬ বজাৰ পৰা বৃহস্পতিবাৰৰ পুৱা ৬ বজালৈ OPD সেৱাৰ পৰা বিৰত থাকিব চিকিৎসকসকল।
উল্লেখযোগ্য যে এতিয়ালৈ মেডিকেল সংস্থা আৰু চিকিৎসকৰ পঞ্জীয়ন সম্বন্ধীয় কাম মেডিকেল কাউন্সিল অব ইণ্ডিয়াই চোৱাচিতা কৰি আছে। এই বিধেয়কখন গৃহীত হোৱাৰ পিছত এমবিবিএছ পাছ কৰা মেডিকেল ছাত্ৰসকলে অনুশীলনৰ বাবে এগজিট টেষ্ট দিয়াটো বাধ্যতামূলক হ’ব। বৰ্তমান এগজিট টেষ্ট কেৱল বিদেশৰ পৰা মেডিকেল পঢ়ি অহা ছাত্ৰ–ছাত্ৰীয়েহে দিব লাগে। ইয়াৰ উপৰি, এন এম চি বিধেয়কৰ ৩২নং দফাত ৩.৫ লাখ নন–মেডিকেল লোকক অনুজ্ঞাপত্ৰ দি সকলো ধৰণৰ ঔষধ দিয়া আৰু চিকিৎসা কৰাৰ আইনী অধিকাৰ প্ৰদান কৰা হৈছে, যাৰ বিৰোধিতা কৰিছে চিকিৎসকসকলে।