বুধবাৰে ৰাজনৈতিক ৰণনীতিবিদ প্ৰশান্ত কিশোৰে এক চাঞ্চল্যকৰ মন্তব্যৰে কয় যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপিৰ সৈতে সম্পৰ্কত আছে। কিশোৰে লগতে কয় যে পৰিস্থিতিয়ে দাবী কৰিলে নীতিশ কুমাৰ বিজেপিলৈ যাব পাৰে। জনতা দল-ইউনাইটেডে (জেডিইউ)এ কিশোৰৰ এই দাবী নস্যাৎ কৰি কয় যে ইয়াৰ উদ্দেশ্য আছিল ভুল তথ্য প্ৰচাৰ কৰা।
উল্লেখ্য যে, ৩৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ 'জন সুৰজ যাত্ৰা'ত থকা প্ৰশান্ত কিশোৰে সংবাদ সংস্থা পিটিআইক জনায় যে নীতিশ কুমাৰে জেডি(ইউ)ৰ সাংসদ তথা ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশৰ জৰিয়তে বিজেপিৰ সৈতে যোগাযোগ কৰি আছে। "নীতিশ কুমাৰে বিজেপিৰ বিৰুদ্ধে সক্ৰিয়ভাৱে ৰাষ্ট্ৰীয় মিত্ৰতা গঢ়ি তুলিছে বুলি ভবা লোকসকলে জানি আচৰিত হ'ব যে তেওঁ বিজেপিৰ সৈতে এক ৰেখা মুকলি ৰাখিছে। তেওঁ তেওঁৰ দলৰ সাংসদ আৰু ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশজীৰ জৰিয়তে বিজেপিৰ সৈতে যোগাযোগ কৰি আছে," কিশোৰে এইদৰে কয়। তেওঁ লগতে কয়, "মানুহে এইটো মনত ৰাখিব লাগিব যে যেতিয়াই এনে পৰিস্থিতি উদ্ভৱ হয়, তেওঁ বিজেপিলৈ ঘূৰি যাব পাৰে আৰু ইয়াৰ সৈতে কাম কৰিব পাৰে।"
ইফালে বৰ্তমান লালু প্ৰসাদ যাদৱৰ ৰাষ্ট্ৰীয় জনতা দলৰ সৈতে মিত্ৰতাত থকা নীতিশ কুমাৰৰ জনতা দল (ইউনাইটেড)এ কিশোৰৰ এই দাবীসমূহ খণ্ডন কৰি কয় যে নীতিশ কুমাৰে বিজেপিৰ সৈতে মিত্ৰতা কৰিব বুলি প্ৰশান্তৰ মন্তব্যৰ উদ্দেশ্যই হৈছে বিভ্ৰান্তি সৃষ্টি কৰা।
এই সংক্ৰান্তত জেডিইউৰ মুখপাত্ৰ কেচি ত্যাগীয়ে কয়, "আমি তেওঁৰ দাবীবোৰ দৃঢ়ভাৱে খণ্ডন কৰিছো। কুমাৰ ৫০ বছৰতকৈও অধিক সময় সক্ৰিয় ৰাজনীতিত আছে আৰু কিশোৰ ছয় মাহৰ বাবে আছে। কিশোৰে বিভ্ৰান্তি বিয়পাবলৈ এনে ধৰণৰ বিভ্ৰান্তিকৰ মন্তব্য কৰিছে।"
মন কৰিবলগীয়া যে, এই বছৰৰ আৰম্ভণিতে নীতিশ কুমাৰে বিজেপিৰ সৈতে সম্পৰ্ক ভাঙিছিল আৰু তেজস্বী যাদৱ নেতৃত্বাধীন আৰজেডিৰ সৈতে হাত মিলাই বিহাৰত চৰকাৰ গঠন কৰিছিল।
প্ৰশান্ত কিশোৰে বিগত ২ অক্টোবৰত বেটিহাৰৱাৰ গান্ধী আশ্ৰমৰ পৰা জন সুৰজ যাত্ৰা আৰম্ভ কৰিছিল। তেওঁ অহা ১২-১৫ মাহত বিহাৰৰ মাজেৰে ৩,৫০০ কিলোমিটাৰ যাত্ৰা কৰাৰ কথা আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|