পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা এতিয়াও পাহৰা নাই দেশবাসীয়ে। কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হৈছিল দেশৰ ৪০ৰো অধিক বীৰ জোৱান। আৰু তাৰ মাজতে আছিল মেজৰ বিভূতি শংকৰ ধৌণ্ডিয়াল (Major Vibhuti Shankar Dhoundiyal)।
বিভূতি শংকৰৰ মৃত্যুৰ পিছত কফিনত থকা নিশ্বৰদেহক সাবটি পত্নীৰ বুকু ফাটি যোৱা কান্দোনে চকু সেমেকাই তুলিছিল সমগ্ৰ দেশবাসীৰ। কিন্তু সেই কান্দোনৰ মাজত যেন নিহিত হৈ আছিল প্ৰতিজ্ঞা। সেয়ে পুলৱামাৰ শ্বহীদ মেজৰ বিভূতি শংকৰ ধৌণ্ডিয়ালৰ পত্নী নিতিকা ক’লে এইবাৰ যোগ দিলে ভাৰতীয় সেনাত।
শনিবাৰে নিতিকাৰ হাতত সেনাৰ পোছাক আৰু কান্ধিত তৰা লগাই দিলে লেফটেনেণ্ট জেনেৰেল ৱাই কে যোশীয়ে।
শনিবাৰে চেন্নাইৰ অফিচাৰ্ছ ট্ৰেইনিং একাডেমীত আয়োজিত এক অনুষ্ঠানত নিকিতাক ভাৰতীয় সেনাৰ অন্তৰ্ভুক্ত কৰা হয়। লেফটেনেণ্ট নিকিতাই বিগত বৰ্ষত এলাহাবাদত অ’মেন এন্ট্রী স্কীমৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল।
প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ উধমপুৰ ছেক্টৰৰ জনসংযোগ বিষয়াই সেই দৃশ্য টুইট কৰে। যিটো এতিয়া ভাইৰেল হৈ পৰিছে। সমগ্ৰ দেশৰ বহু লোকে নিকিতাৰ এই পদক্ষেপক প্ৰশংসা কৰিছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 30, 2021, 11:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|