গাৰ্হস্থ্য হিংসা আৰু বিবাহ বিচ্ছেদৰ বাতৰি ভুৱা, নিউজ18ৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী পত্নীৰ সাক্ষাৎকাৰ

সংবাদমাধ্যমত প্ৰকাশ পাইছিল ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ পত্নীক অত্যাচাৰ কৰাৰ বাবে পত্নীয়ে তেওঁৰ পৰা বিবাহ বিচ্ছেদ বিচৰাৰ খবৰ।

news18assam
Updated:April 26, 2019, 11:06 PM IST
গাৰ্হস্থ্য হিংসা আৰু বিবাহ বিচ্ছেদৰ বাতৰি ভুৱা, নিউজ18ৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী পত্নীৰ সাক্ষাৎকাৰ
ফটোঃফেচবুক
news18assam
Updated: April 26, 2019, 11:06 PM IST
মই সঁচাকৈ আচৰিত হৈছো, মাত্ৰ ১৫দিনৰ কাৰণে মই ঘৰৰ পৰা আঁতৰি আছিলো আৰু এই বাতৰি বিয়পি পৰিল। মোৰ চিন্তা মোৰ ল’ৰা–ছোৱালীকেইটালৈ হৈছে, তেওঁলোকৰ কাণত এইবোৰ পৰিলে কি হ’ব।


নিউজ18 অসম নৰ্থ ইষ্টৰ নিউজ এডিটৰ তুলিকা দেৱীৰ সৈতে হোৱা এক টেলিফোনিক সাক্ষাৎকাৰত এনেদৰে মন্তব্য কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ পত্নী নীতি দেৱে। মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে গাৰ্হস্থ্য হিংসাৰ অভিযোগেৰে বিবাহ বিচ্ছেদ বিচৰাৰ বাতৰি এনেদৰে খণ্ডন কৰে তেওঁৰ পত্নীয়ে।

তেওঁ (বিপ্লৱ দেৱ) ইমান কষ্ট কৰি আছে ৰাইজৰ কাৰণে আৰু ষড়়যন্ত্ৰ কৰি তেওঁক অস্থিৰ কৰিব বিচৰা হৈছে। মই এগৰাকী নাৰী গতিকে, যিকোনো কথা সাজি–পাৰি কৈ দিব পাৰি। এইবোৰ ভুৱা নথি–পত্ৰ বিয়পাই তেওঁৰ ইমেজ নষ্ট কৰিব বিচৰা হৈছে।


নীতি দেৱে যথেষ্ট উষ্মাৰে কয়। ইয়াৰ পূৰ্বে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ বাতৰিয়ে ৰাষ্ট্ৰীয় সংবাদমাধ্যমতো স্থান পোৱাৰ পিছত নীতি দেৱে ফেচবুকৰ জৰিয়তে এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সকলো খবৰ ভুৱা আখ্যা দিছিল।

নিউজ18-এ পোণপটীয়াকৈ তেওঁক প্ৰশ্ন কৰাত তেওঁ বুজাবুজিৰ মাজেৰেও বিবাহ বিচ্ছেদ হোৱাৰ খবৰ অস্বীকাৰ কৰে, গাৰ্হস্থ্য হিংসা দূৰৈৰে কথা।

মই কিয় বেলেগ কাৰোবাৰ হতুৱাই মোৰ খবৰ দিয়াম, কিবা যদি হৈছে মই নিজে সকলো কথা খুলি ক’ম, এইটো খুব নিকৃষ্ট পৰ্যায়ৰ ষড়যন্ত্ৰ হৈছে। ইয়াৰ আগতে আমাৰ মন্ত্ৰী শান্তনা চাকমাক কেনেকৈ টাৰ্গেট কৰা হৈছিল সকলোৱে নিশ্চয় জানে, এইবাৰ মুখ্যমন্ত্ৰী পত্নীৰ পাল।


বিপ্লৱ দেৱ আৰু নীতি দেৱৰ বিবাহ বিচ্ছেদৰ খবৰে ছচিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰিছিল আৰু বিভিন্ন পৰ্টেল তথা ৱেবছাইটত আধৰুৱা খবৰ প্ৰকাশ পাইছিল। তৰিৎ গতিৰে বিয়পি পৰিছিল ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গাৰ্হস্থ্য হিংসাৰ অভিযোগ। সততে নিজৰ সংগতি নথকা কেতবোৰ মন্তব্যৰ বাবে শিৰোনাম দখল কৰা উত্তৰ পূৱৰ মুখ্যমন্ত্ৰীগৰাকীক কঠোৰ সমালোচনাও কৰা হৈছিল।

মই এতিয়া নিজৰ জীয়ৰিৰ বাবে চিন্তিত হৈছো, তাই বা কিহৰ মুখামুখি হ’বলৈ গৈ আছে। মহিলাৰ বিৰুদ্ধে যিকোনো বাতৰি বিয়পাই দিয়া কিমান সহজ।


নীতি দেৱে এনেদৰে সকলো অভিযোগ আছুতীয়া বাৰ্তালাপত খণ্ডন কৰে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি