এই ব্যতিক্ৰমী ডিজিটেল প্লেটফৰ্মৰ প্ৰধান লক্ষ্য হৈছে- মহিলা সাৱলীকৰণ, মহিলাসকলৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে মহিলাকলক এক আনন্দময় আৰু সুৰক্ষিত জীৱন প্ৰদান কৰা।
Her Circle সমগ্ৰ বিশ্বৰ মহিলাৰ বাবেই। বৰ্তমান কেৱল ভাৰতীয় মহিলাসকলেৰে আৰম্ভ হৈছে যদিও সমগ্ৰ বিশ্বৰ অন্যান্য প্ৰান্তৰ মহিলাইয়ো ইয়াত অংশগ্ৰহণ কৰিব পাৰে।
Her Circle প্লেটফৰ্ম মুকলি কৰি নীতা আম্বানীয়ে কয় যে, মই অত্যন্ত সুখী যে, আমি এনেধৰণৰ এক প্লেটফৰ্ম নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো, যাৰ জৰিয়তে বৃহত্ সংখ্যক মহিলাক HerCircle.inৰ সৈতে সংযুক্ত কৰিবলৈ সক্ষম হৈছো।