৪০০০ কণ কণ শিশুৰ মন পোহৰাই ব্যতিক্ৰমী বৰদিন পালন নীতা আম্বানী, ঈশা আম্বানী পিৰামলৰ

News18 Assam | News18-Assam
Updated:December 26, 2019, 1:36 PM IST
৪০০০ কণ কণ শিশুৰ মন পোহৰাই ব্যতিক্ৰমী বৰদিন পালন নীতা আম্বানী, ঈশা আম্বানী পিৰামলৰ
৪০০০হাজাৰ শিশুৰ মন পোহৰাই তোলে এই বিশেষ বৰদিনে।

৪০০০হাজাৰ শিশুৰ মন পোহৰাই তোলে এই বিশেষ বৰদিনে।

  • Share this:
সমগ্ৰ দেশ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত উলহ–মালহেৰে বুধবাৰে উদযাপন কৰা হ’ল পবিত্ৰ বৰদিন। ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষা নীতা আম্বানী আৰু তেওঁৰ কন্যা ঈশা আম্বানী পিৰামলে বৰদিন উপলক্ষে কণ কণ শিশুৰ সৈতে আনন্দ উদযাপন কৰে। JioWonderlandত দেশৰ আটাইতকৈ ওখ খ্ৰীষ্টমাছ ট্ৰী উজলাই শিশুসকলৰ সৈতে সুন্দৰকৈ প্ৰেম–ভাতৃত্ববোধৰ দিনটো উদযাপন কৰে দুয়োগৰাকী প্ৰভাৱশালী মহিলাই। 

কমেও চাৰিহাজাৰ শিশুৱে JioWonderlandত এই বিশেষ উদযাপন কাৰ্যসূচীত অংশ লয়।

আন্তঃৰাষ্ট্ৰীয় মহোৎসৱৰ দ্বাৰা অনুপ্ৰাণিত হৈ প্ৰস্তুত কৰা JioWonderland হৈছে ভাৰতত নিৰ্মিত বৰদিনৰ বিশেষ মহোৎসৱ আৰু ইয়াত ড্ৰ’ণ শ্ব’, ফেৰিচ হুইল, যাদু প্ৰদৰ্শনী, ট্ৰেম্প’লিন পাৰ্ক আদি শিশুৰ বিনোদনৰ বিভিন্ন দিশ সন্নিবিষ্ট কৰা হৈছে। লগতে বৰদিনত ছাণ্টা ক্ল’ছৰ সৈতে লগ কৰি ফটো তোলাৰ সুবিধাও শিশুসকলক দিয়া হৈছে।

২৫তাৰিখৰ পৰা আৰম্ভ হোৱা এই ৫দিনীয়া বিশেষ মহোৎসৱৰ শুভাৰম্ভনি  ‘Recycle4life Christmas tree’ নামৰ পুনঃব্যৱহাৰ্য প্লাষ্টিকৰ বটলৰ পৰা প্ৰস্তুত কৰা Relwood  আৰু R|Elan GreenGold আঁহেৰে নিৰ্মাণ কৰা হৈছে আৰু দেখিবলৈ কাঠৰ দৰে হ’লেও এই খ্ৰীষ্টমাছ ট্ৰী কোনো গছ কাটি প্ৰস্তুত কৰা হোৱা নাই। কাঠৰ দৰে দেখা RelWood হৈছে সম্পূৰ্ণ ১০০শতাংশ পুনঃব্যৱহাৰ্য উপাদান।
এয়া হৈছে আনন্দ উদযাপনৰ সময় আৰু মই গভীৰভাৱে বিশ্বাস কৰো যে এয়া প্ৰথম শিশুসকলৰ সৈতেহে ভাগ–বটোৱাৰা কৰিব লাগে। শিশুসকলে এই সুন্দৰ জীৱনৰ দৃষ্টিভংগীৰ অধিকাৰী আৰু প্ৰতিটো শিশুৰ খেলাৰ অধিকাৰ আছে।

উদ্বোধনী অনুষ্ঠানত এনেদৰে কয়, ৰিলায়েন্স ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক অধ্যক্ষা নীতা আম্বানীয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি