বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ ফালৰ পৰা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ Excutive Director নীতা আম্বানী(Nita Ambani)লৈ কোনো ধৰণৰ অতিথি অধ্যাপকৰ প্ৰস্তাৱ আগবঢ়োৱা নাই। একাংশ প্লেটফৰ্মত প্ৰচাৰ হোৱা এই বাতৰিক বুধবাৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ফালৰ পৰা নস্যাৎ কৰা হৈছে।
Reports that Nita Ambani (in pic) will be a visiting lecturer at Banaras Hindu University (BHU) are fake. She hasn't received an invitation from BHU: Reliance Industries Limited spokesperson to ANI pic.twitter.com/dd8MUpER8T
এই সন্দৰ্ভত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মুখপাত্ৰই কোৱা মতে, এই বাতৰি সম্পূৰ্ণ ৰূপে ভুৱা। বিশ্ববিদ্যালয়খনৰ ফালৰ পৰা অতিথি অধ্যাপক হিচাপে নিযুক্ত কৰাৰ কোনো ধৰণৰ আমন্ত্ৰণী পত্ৰ বা প্ৰস্তৱ প্ৰেৰণ কৰা নাই নীতা আম্বানীলৈ।
উল্লেখ্য যে, দেশৰ বহুতেইটা আগশাৰীৰ সংবাদ গোষ্ঠীয়ে দাবী কৰিছিল যে, নীতা আম্বানীলৈ বানাৰস হিন্দু বিশ্ববিদ্যালয়ে অতিথি অধ্যাপকৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছে।