• Home
  • »
  • News
  • »
  • nation
  • »
  • Modi Cabinet Expansion: হৰ্ষ বৰ্ধন, নিশাংক, গাংৱাৰকে ধৰি ১১ জন মন্ত্ৰীক মোডী মন্ত্ৰীসভাৰ পৰা অব্যাহতি...

Modi Cabinet Expansion: হৰ্ষ বৰ্ধন, নিশাংক, গাংৱাৰকে ধৰি ১১ জন মন্ত্ৰীক মোডী মন্ত্ৰীসভাৰ পৰা অব্যাহতি...

কেবিনেট সম্প্ৰসাৰণৰ পূৰ্বে মোডী চৰকাৰৰ এঘাৰজন মন্ত্ৰীয়ে পদত্যাগ কৰিছে, যাৰ ভিতৰত আছে সঞ্জয় ধোত্ৰে, থাৱাৰচান্দ গেহলট আৰু ৰাও চাহেব পাটিল। ৰতন লাল কাটাৰিয়া আৰু বাবুল সুপ্ৰিয়ই পদত্যাগ কৰিছে।

  • Share this:
বুধবাৰে সন্ধিয়া কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ (Unioun Cabinet) সালসলনি আৰু সম্প্ৰসাৰণৰ পূৰ্বে কিছুমান মন্ত্ৰীয়ে পদৰ পৰা পদত্যাগ কৰে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক (Ramesh Pokhriyal Nishank), শ্ৰম আৰু নিযুক্তি মন্ত্ৰী সন্তোষ কুমাৰ গাংৱাৰ (Santosh Kumar Gangwar), মহিলা আৰু শিশু বিকাশ ৰাজ্যিক মন্ত্ৰী দেৱশ্ৰী চৌধুৰী তেওঁলোকৰ ভিতৰত অন্যতম। সদানন্দ গৌড়াই পদত্যাগ কৰিছে। কেবিনেট সম্প্ৰসাৰণৰ পূৰ্বে মোডী চৰকাৰৰ এঘাৰজন মন্ত্ৰীয়ে পদত্যাগ কৰিছে, যাৰ ভিতৰত আছে সঞ্জয় ধোত্ৰে, থাৱাৰচান্দ গেহলট আৰু ৰাও চাহেব পাটিল। ৰতন লাল কাটাৰিয়া আৰু বাবুল সুপ্ৰিয়ই পদত্যাগ কৰিছে। প্ৰতাপ চাৰংগী আৰু স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনেও পদত্যাগ কৰিছে। সূত্ৰসমূহে এই তথ্য দিছে।

সূত্ৰঅনুসৰি, প্ৰধানমন্ত্ৰীৰ আৱাসৰ বৈঠকত উপস্থিত থকাসকল বিজেপিৰ মহাসচিব ভূপেন্দ্ৰ যাদৱ, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মধ্য প্ৰদেশৰ ৰাজ্যসভাৰ সদস্য জ্যোতিৰাদিত্য সিন্ধিয়া, মহাৰাষ্ট্ৰৰ ৰাজ্যসভাৰ সদস্য নাৰায়ণ ৰাণে, হাৰিয়ানাৰ চিৰছাৰ সাংসদ সুনীতা দুগ্গল, দিল্লীৰ বিজেপি সাংসদ মীনাক্ষী লেখী, উত্তৰাখণ্ডৰ নৈনিতাল-উধম সিং নগৰৰ সাংসদ অজয় ভট্ট, কৰ্ণাটকৰ উদুপি চিকমাগালুৰৰ সাংসদ শোভা কাৰান্দলাজে, মহাৰাষ্ট্ৰৰ বিডৰ সাংসদ প্ৰীতম মুণ্ডে, মহাৰাষ্ট্ৰৰ ভিৱান্দিৰ কপিল পাটিল, মহাৰাষ্ট্ৰৰ দিনদোৰীৰ সাংসদ ভাৰতী পাৱাৰ, উত্তৰ প্ৰদেশৰ খেৰীৰ সাংসদ অজয় মিশ্ৰ আৰু পশ্চিম বংগৰ বাঙ্গাওঁৰ সাংসদ শান্তনু ঠাকুৰ।
Published by:Kokil Sarma
First published: