মুখ্যপৃষ্ঠা »খবৰ »দেশ »Nirmala Sitharaman Interview : পৰ্যটন খণ্ড আৰু প্ৰধানমন্ত্ৰী বিকাশ যোজনাৰ দ্বাৰা দেশৰ অৰ্থনীতিয়ে গতি লাভ কৰিব

Nirmala Sitharaman Interview : পৰ্যটন খণ্ড আৰু প্ৰধানমন্ত্ৰী বিকাশ যোজনাৰ দ্বাৰা দেশৰ অৰ্থনীতিয়ে গতি লাভ কৰিব

Finance Minister Nirmala Sitharaman Interview to Network18 : সীতাৰমণে কয় যে চৰকাৰে নতুন আয়কৰ ব্যৱস্থাটোক কৰদাতাৰ বাবে অধিক আকৰ্ষণীয় কৰি তুলিছে

Finance Minister Nirmala Sitharaman Interview to Network18 : সীতাৰমণে কয় যে চৰকাৰে নতুন আয়কৰ ব্যৱস্থাটোক কৰদাতাৰ বাবে অধিক আকৰ্ষণীয় কৰি তুলিছে

Finance Minister Nirmala Sitharaman Interview to Network18 : সীতাৰমণে কয় যে চৰকাৰে নতুন আয়কৰ ব্যৱস্থাটোক কৰদাতাৰ বাবে অধিক আকৰ্ষণীয় কৰি তুলিছে

  • Share this:

২০২৩-২৪ বৰ্ষৰ বাজেট দাখিলৰ পিছত বিত্তমন্ত্ৰী নির্মলা সীতাৰমণে আজি নিউজ১৮ৰ মুখ্য সম্পাদক ৰাহুল যোশীৰ সৈতে প্ৰথমটো টিভি সাক্ষাৎকাৰ দিয়ে (Finance Minister Nirmala Sitharaman Interview to Network18 )। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰে হোৱা এই সাক্ষাত্‍কাৰত বাজেটৰ বিষয়সমূহৰ ওপৰত প্ৰশ্ন কৰা হয় আৰু বিত্তমন্ত্ৰীয়ে বিনিয়োগকাৰী, গ্ৰাহক, কৰদাতা আৰু অৰ্থনীতিৰ বাবে বাজেট-২০২৩ৰ অৰ্থ কি সেয়া বিতংভাৱে প্ৰকাশ কৰে।


পৰ্যটন খণ্ড আৰু প্ৰধানমন্ত্ৰী বিকাশ যোজনাৰ পৰা উচ্চ আশা থকাৰ কথা প্ৰকাশ কৰি দেশৰ অৰ্থনীতিয়ে এই দিশত গতি লাভ কৰিব বুলি প্ৰকাশ কৰে (Huge Expectation From Tourism Sector, PM Vikas Scheme)। বিত্তমন্ত্ৰীয়ে কয়, ‘বিদেশৰ পৰা অহা লোকৰ সৈতে পৰ্যটনৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পৰিৱৰ্তন দেখা পাম বুলি আশা কৰিছোঁ। ইয়াৰ দ্বাৰা অৰ্থনীতি সক্ৰিয় কৰি ৰখাৰ এটা ভাল উপায় হ’ব।’ তেওঁ লগতে কয়, ''মই পিএম-বিকাশ যোজনাত গতিশীলতা দেখিছোঁ, কিয়নো ইয়াৰ বৃহৎ বজাৰ আছে আৰু ইয়াৰ আৰম্ভণিৰ লগে লগে আমি এখন বৃহৎ বজাৰলৈ হাত আগবঢ়াব পাৰিম।''


এইক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰই যদি একেলগে কাম কৰে তেন্তে পৰ্যটনৰ আমূল পৰিৱৰ্তন হ’ব বুলি আশা প্ৰকাশ কৰে বিত্তমন্ত্ৰীয়ে (Finance Minister Nirmala Sitharaman)। সীতাৰমণে কয়- ''যদি ৰাজ্য আৰু কেন্দ্ৰই একেলগে কাম কৰে তেন্তে পৰ্যটনৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন দেখা যাব। পৰ্যটনৰ ফলত অৰ্থনীতি সক্ৰিয় হৈ থাকিব।''


আনহাতে নিৰ্মলা সীতাৰমণে এই বাজেটে সমাজৰ সকলো শ্ৰেণীকে সামৰি লোৱা বুলি উল্লেখ কৰে। মাৰ্কেটৰ দ্বাৰা বাজেট ২০২৩ৰ প্ৰশংসাৰ বিষয়ে কোৱাৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নিউজ১৮ ইণ্ডিয়াক কয়, ‘মই এই ভাল বাজেটখনক সমাজৰ সকলো শ্ৰেণীকে সামৰি লোৱা বস্তু হিচাপে দেখিছোঁ। বজাৰত বাজেটৰ তাৎক্ষণিক প্ৰভাৱ অনাগত দিনতো অব্যাহত থাকিব।' সীতাৰমণে কয় যে চৰকাৰে নতুন আয়কৰ ব্যৱস্থাটোক কৰদাতাৰ বাবে অধিক আকৰ্ষণীয় কৰি তুলিছে আৰু মধ্যম লোকৰ সুবিধাৰ বাবে ইয়াৰ গাঁথনিত “যথেষ্ট পৰিৱৰ্তন” আনিছে।

শেহতীয়া বাতৰি