দিল্লী: সাধাৰণ ৰাইজৰ ওপৰক কৰৰ বোজা হ্ৰাস কৰিবলৈ বেচৰকাৰীকৰণৰ পথত যাবলৈ বাধ্য হৈছে চৰকাৰ। News18-ৰ সৈতে এক এক্সক্লুছিভ সাক্ষাৎকাৰত এই দাবী বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। তেওঁৰ যুক্তি এই মুহূৰ্তত আৰ্থিক বৃদ্ধিক পিছুৱাই দিয়াৰ কোনো অৰ্থ নাই।
উল্লেখ্য যে, এই বছৰৰ বাজেটত ব্যক্তিগত আয়কৰ কাঠামোৰ কোনো পৰিৱৰ্তন নাই। ফলত সাধাৰণ ৰাইজ একপ্ৰকাৰ অসন্তুষ্ট। বজাৰক তুলি ধৰিবলৈ মূলধন খৰছৰ লক্ষ্য বঢ়াই ৫লাখ ৫৪হাজাৰ কোটি টকা ৰাখিছে নিৰ্মলা সীতাৰমণে। বেচৰকাৰীকৰণৰ আঁৰত এইটোও এটা অন্যতম কাৰণ। খৰছ কৰিবলৈ গ’লে চৰকাৰৰ হাতত টকাৰ প্ৰয়োজন। সেই প্ৰয়োজন দূৰ কৰিবলৈ বেচৰকাৰীকৰণৰ বাহিৰে চৰকাৰৰ ওচৰত অন্য কোনো পথ খোলা নাই। কাৰ্যত সেই কথা স্বীকাৰ কৰিছে বিত্তমন্ত্ৰীয়ে।
দেশৰ মানুহে এই বাজেটক ইতিবাচক ভাৱে গ্ৰহণ কৰিব বুলি আশাবাদী নিৰ্মলা সীতাৰমণ। তেওঁ কয়, 'মই আশাবাদী যে এই বাজেটৰ উদ্দেশ্যে নিশ্চয় সকলোৱে বুজিব পাৰিছে। আমি বিচাৰো দেশবাসীয়ে এই বাজেটক সাদৰে গ্ৰহণ কৰক।'