নিৰ্মলা সীতাৰমণঃ এগৰাকী চেলছ গাৰ্লৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ যাত্ৰা

নিৰ্মলা সীতাৰমণৰ নাম সেইসমূহ মহিলাৰ ভিতৰত লোৱা হয় যিসকলে অতি কম সময়ৰ ভিতৰত ৰাজনীতিৰ ক্ষেত্ৰত উচ্চ আসন লাভ কৰিবলৈ সক্ষম হৈছে। 

news18
Updated:May 30, 2019, 3:24 PM IST
নিৰ্মলা সীতাৰমণঃ এগৰাকী চেলছ গাৰ্লৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ যাত্ৰা
নিৰ্মলা সীতাৰমণৰ নাম সেইসমূহ মহিলাৰ ভিতৰত লোৱা হয় যিসকলে অতি কম সময়ৰ ভিতৰত ৰাজনীতিৰ ক্ষেত্ৰত উচ্চ আসন লাভ কৰিবলৈ সক্ষম হৈছে। 
news18
Updated: May 30, 2019, 3:24 PM IST
বিজেপিৰ জ্যেষ্ঠ নেত্ৰী নিৰ্মলা সীতাৰমণে আকৌ এবাৰ স্থান লাভ কৰিছে মোদী কেবিনেটতত। ২০১৪চনৰ মোদী চৰকাৰত প্ৰতিৰক্ষা মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰা নিৰ্মলা সীতাৰমণৰ নাম সেইসমূহ মহিলাৰ ভিতৰত লোৱা হয় যিসকলে অতি কম সময়ৰ ভিতৰত ৰাজনীতিৰ ক্ষেত্ৰত উচ্চ আসন লাভ কৰিবলৈ সক্ষম হৈছে।

নৰেন্দ্ৰ মোদীয়ে নতুন কেবিনেটত বিজেপিৰ জ্যেষ্ঠ নেত্ৰী নিৰ্মলা সীতাৰমণক আকৌ এবাৰ সন্নিবিষ্ট কৰিছে। ২০১৪চনত গঠিত প্ৰথম মোদী চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰীৰূপে তেওঁ বহুকেইটা প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰীৰূপে তেওঁ অতি শক্তিশালী ভাৱমূৰ্তিৰে এই প্ৰত্যাহ্বানৰ সন্মুখীন হয়। ২০১৯ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বিৰোধীয়ে অতি জোৰেৰে উত্থাপন কৰে ৰাফেল চুক্তিৰ প্ৰসংগ।

বহুবাৰ সদনত অথবা সংবাদমেলত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক ঘেৰাও কৰাৰ চেষ্টা চলিল। কিন্তু কঠিন মনোবৃত্তিৰ নেত্ৰীগৰাকীয়ে কংগ্ৰেছ সহ সকলো বিৰোধী দলৰ বিৰুদ্ধে দৃঢ়তাৰে যুঁজি দেখুৱালে। প্ৰতিবাৰেই তেওঁ বিৰোধীক চৰকাৰৰ তৰফৰ পৰা চুঙা চাই সোপা প্ৰদান কৰিলে।

চেলছ গাৰ্লৰ পৰা প্ৰতিৰক্ষা মন্ত্ৰীলৈ যাত্ৰা

নিৰ্মলা সীতাৰমণৰ পিতৃ ভাৰতীয় ৰেলৱেৰ কৰ্মচাৰী, ইয়াৰ কাৰণে তেওঁ শৈশৱত পৃথক–পৃথক চহৰত কটাবলগীয়া হয়। জেএনইউৰ পৰা এমএম ইকনমিকছত ডিগ্ৰী লাভ কৰি এইখন বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ এম ফিল কৰে। তেওঁ ডঃ পৰাকালা প্ৰভাকৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। দুয়োৰে সাক্ষাৎ জেএনইউতে হৈছিল। ডঃ প্ৰভাকৰে লণ্ডন স্কুল অব ইকনমিকছৰ পৰা পিএইচডি সম্পূৰ্ণ কৰে আৰু নিৰ্মলা সীতাৰমণ তেওঁৰ লগত লণ্ডনত বাস কৰিবলৈ লয়।

হিন্দুস্তান টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি এই সময়ছোৱাতে নিৰ্মলা সীতাৰমণে লণ্ডনৰ এক হোমষ্টৰত চেলছগাৰ্ল হিচাপে কাম কৰিছিল। ইয়াৰ পিছত তেওঁ PricewaterhouseCoopers ত চিনিয়ৰ মেনেজাৰ হিচাপে কৰ্ম সম্পাদন কৰে।

ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্য আছিল

বিজেপিত যোগদান কৰাৰ পূৰ্বে নিৰ্মলা সীতাৰমণে ২০০৩ চনৰ পৰা ২০০৫চনলৈকে নেচনেল কমিচন ফৰ ৱমেনৰ সদস্য হিচাপে কাম কৰিছিল। বিজেপিৰ মুখপাত্ৰ হিচাপেও তেওঁ উন্নত প্ৰদৰ্শন আগবঢ়াইছিল আৰু প্ৰায়ে টিভি চেনেলত দলৰ হৈ শক্তিশালী আৰু অকাট্য যুক্তি আগবঢ়োৱাৰ বাবে জনাজাত হৈ পৰিছিল। ইয়াৰ পিছত ২০১৪চনত মোদীৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পিছত তেওঁক কেবিনেটত অন্তৰ্ভুক্ত কৰা হয়। ২০১৬চনত তেওঁ ৰাজ্যসভাৰ সাংসদ নিৰ্বাচিত হয়। ২৬ মে’, ২০১৬ত তেওঁ বাণিজ্য আৰু উদ্যোগ (স্বতন্ত্ৰ), বিত্ত আৰু কৰ্পৰেট বিষয়ৰ ৰাজ্য মন্ত্ৰীৰূপে শপত লয়।

দেশৰ প্ৰথমগৰাকী মহিলা প্ৰতিৰক্ষা মন্ত্ৰী হ’ল

গোৱাত বিজেপি চৰকাৰ গঠন কৰিবলৈ গেৰুৱা দলটোৱে সেই সময়ৰ প্ৰতিৰক্ষা মন্ত্ৰী মনোহৰ পাৰিকৰক দায়িত্ব গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। পাৰিকৰে প্ৰতিৰক্ষা দপ্তৰৰ দায়িত্ব ত্যাগ কৰাৰ পিছত ২০১৭চনৰ ৩ ছেপ্তেম্বৰত সীতাৰমণে দেশৰ প্ৰথমগৰাকী মহিলা প্ৰতিৰক্ষা মন্ত্ৰীৰূপে দায়িত্ব লয়। অৱশ্যে নিৰ্মলা সীতাৰমণৰ পূৰ্বে ইন্দিৰা গান্ধীও প্ৰতিৰক্ষা মন্ত্ৰী আছিল কিন্তু তেওঁ প্ৰধানমন্ত্ৰীৰ পদত থাকি প্ৰতিৰক্ষা মন্ত্ৰ্যালয় নিজৰ হাতত ৰাখিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি