নিৰ্মলা সীতাৰমন দেশৰ প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰী

ইয়াৰ পূৰ্বে ১৯৭০–৭১ৰ মাজত মাত্ৰ এবাৰ ইন্দিৰা গান্ধীয়ে প্ৰধানমন্ত্ৰী পদৰ লগতে বিত্ত মন্ত্ৰণালয়ৰ দায়িত্ব চম্ভালিছিল। কিন্তু পূৰ্ণাংগ ৰূপত বিত্ত মন্ত্ৰণালয়ৰ দায়িত্ব লাভ কৰা প্ৰথমগৰাকী বিত্ত মন্ত্ৰী হ’ল নিৰ্মলা সীতাৰমন।

news18assam
Updated:May 31, 2019, 3:25 PM IST
নিৰ্মলা সীতাৰমন দেশৰ প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰী
ইয়াৰ পূৰ্বে ১৯৭০–৭১ৰ মাজত মাত্ৰ এবাৰ ইন্দিৰা গান্ধীয়ে প্ৰধানমন্ত্ৰী পদৰ লগতে বিত্ত মন্ত্ৰণালয়ৰ দায়িত্ব চম্ভালিছিল। কিন্তু পূৰ্ণাংগ ৰূপত বিত্ত মন্ত্ৰণালয়ৰ দায়িত্ব লাভ কৰা প্ৰথমগৰাকী বিত্ত মন্ত্ৰী হ’ল নিৰ্মলা সীতাৰমন।
news18assam
Updated: May 31, 2019, 3:25 PM IST
বিতৰণ কৰা হ’ল নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাৰ দপ্তৰসমূহ। নিৰ্মলা সীতাৰমনক দিয়া হৈছে বিত্ত মন্ত্ৰণালয়ৰ দায়িত্ব। দেশৰ প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰী হ’ল নিৰ্মলা সীতাৰমন। নিৰ্মলা সীতাৰমনে ৰাজনীতিত বহু কম সময়ৰ ভিতৰতে বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব সূচাৰুৰূপে পালন কৰিছে মোদী চৰকাৰৰ প্ৰথমটো কাৰ্যকালত। ২০১৯ৰ লোকসভা নিৰ্বাচনত বিৰোধীয়ে সজোৰে ৰাফেল চুক্তিৰ বিষয় উত্থাপন কৰিছিল। কেতিয়াবা যদি সদনত কেতিয়াবা সংবাদ মেলযোগে সীতাৰমনক আক্ৰমণৰ চেষ্টা চলাইছিল বিৰোধীয়ে। কিন্তু প্ৰবল আত্মবিশ্বাসী সীতাৰমনে কংগ্ৰেছৰ লগতে সকলো বিৰোধী দলৰ মুখামুখি হৈছিল। চৰকাৰৰ হৈ সকলো প্ৰশ্নৰ উচিত প্ৰত্যুত্তৰ দিছিল সীতাৰমনে।

ইয়াৰ পূৰ্বে ১৯৭০–৭১ৰ মাজত মাত্ৰ এবাৰ ইন্দিৰা গান্ধীয়ে প্ৰধানমন্ত্ৰী পদৰ লগতে বিত্ত মন্ত্ৰণালয়ৰ দায়িত্ব চম্ভালিছিল। কিন্তু পূৰ্ণাংগ ৰূপত বিত্ত মন্ত্ৰণালয়ৰ দায়িত্ব লাভ কৰা প্ৰথমগৰাকী বিত্ত মন্ত্ৰী হ’ল নিৰ্মলা সীতাৰমন।

 

চেলছ গাৰ্লৰ পৰা প্ৰতিৰক্ষা মন্ত্ৰীলৈ যাত্ৰা

নিৰ্মলা সীতাৰমণৰ পিতৃ ভাৰতীয় ৰেলৱেৰ কৰ্মচাৰী, ইয়াৰ কাৰণে তেওঁ শৈশৱত পৃথক–পৃথক চহৰত কটাবলগীয়া হয়। জেএনইউৰ পৰা এমএম ইকনমিকছত ডিগ্ৰী লাভ কৰি এইখন বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ এম ফিল কৰে। তেওঁ ডঃ পৰাকালা প্ৰভাকৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। দুয়োৰে সাক্ষাৎ জেএনইউতে হৈছিল। ডঃ প্ৰভাকৰে লণ্ডন স্কুল অব ইকনমিকছৰ পৰা পিএইচডি সম্পূৰ্ণ কৰে আৰু নিৰ্মলা সীতাৰমণ তেওঁৰ লগত লণ্ডনত বাস কৰিবলৈ লয়।

হিন্দুস্তান টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি এই সময়ছোৱাতে নিৰ্মলা সীতাৰমণে লণ্ডনৰ এক হোমষ্টৰত চেলছগাৰ্ল হিচাপে কাম কৰিছিল। ইয়াৰ পিছত তেওঁ PricewaterhouseCoopers ত চিনিয়ৰ মেনেজাৰ হিচাপে কৰ্ম সম্পাদন কৰে।

ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্য আছিল

বিজেপিত যোগদান কৰাৰ পূৰ্বে নিৰ্মলা সীতাৰমণে ২০০৩ চনৰ পৰা ২০০৫চনলৈকে নেচনেল কমিচন ফৰ ৱমেনৰ সদস্য হিচাপে কাম কৰিছিল। বিজেপিৰ মুখপাত্ৰ হিচাপেও তেওঁ উন্নত প্ৰদৰ্শন আগবঢ়াইছিল আৰু প্ৰায়ে টিভি চেনেলত দলৰ হৈ শক্তিশালী আৰু অকাট্য যুক্তি আগবঢ়োৱাৰ বাবে জনাজাত হৈ পৰিছিল। ইয়াৰ পিছত ২০১৪চনত মোদীৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পিছত তেওঁক কেবিনেটত অন্তৰ্ভুক্ত কৰা হয়। ২০১৬চনত তেওঁ ৰাজ্যসভাৰ সাংসদ নিৰ্বাচিত হয়। ২৬ মে’, ২০১৬ত তেওঁ বাণিজ্য আৰু উদ্যোগ (স্বতন্ত্ৰ), বিত্ত আৰু কৰ্পৰেট বিষয়ৰ ৰাজ্য মন্ত্ৰীৰূপে শপত লয়।

দেশৰ প্ৰথমগৰাকী মহিলা প্ৰতিৰক্ষা মন্ত্ৰী হ’ল

গোৱাত বিজেপি চৰকাৰ গঠন কৰিবলৈ গেৰুৱা দলটোৱে সেই সময়ৰ প্ৰতিৰক্ষা মন্ত্ৰী মনোহৰ পাৰিকৰক দায়িত্ব গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। পাৰিকৰে প্ৰতিৰক্ষা দপ্তৰৰ দায়িত্ব ত্যাগ কৰাৰ পিছত ২০১৭চনৰ ৩ ছেপ্তেম্বৰত সীতাৰমণে দেশৰ প্ৰথমগৰাকী মহিলা প্ৰতিৰক্ষা মন্ত্ৰীৰূপে দায়িত্ব লয়। অৱশ্যে নিৰ্মলা সীতাৰমণৰ পূৰ্বে ইন্দিৰা গান্ধীও প্ৰতিৰক্ষা মন্ত্ৰী আছিল কিন্তু তেওঁ প্ৰধানমন্ত্ৰীৰ পদত থাকি প্ৰতিৰক্ষা মন্ত্ৰ্যালয় নিজৰ হাতত ৰাখিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি