Budget 2021 : কৃষকসকলৰ কাষত আছে কেন্দ্ৰ! কৃষি খণ্ডৰ বাবে কি ঘোষণা বাজেটত

News18 Assam | News18-Assam
Updated:February 1, 2021, 1:25 PM IST
Budget 2021 : কৃষকসকলৰ কাষত আছে কেন্দ্ৰ! কৃষি খণ্ডৰ বাবে কি ঘোষণা বাজেটত
বিগত কেইবাবছৰ ধৰি কিদৰে কৃষকসকল উপকৃত হৈছে সেয়াও ক’লে সীতাৰমনে।

বিগত কেইবাবছৰ ধৰি কিদৰে কৃষকসকল উপকৃত হৈছে সেয়াও ক’লে সীতাৰমনে।

  • Share this:
কৃষক আন্দোলনৰ মাজতে দাখিল কৰা হ’ল সাধাৰণ বাজেট। সেয়ে বাজেটত কৃষি খণ্ডক লৈ কি ঘোষণা থাকে তাক লৈ কৌতুহল আছিল সকলোৰে। সেয়ে কৃষি খণ্ডৰ ঘোষণা কৰাৰ আৰম্ভণিতে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কয়,  নৰেন্দ্ৰ মোদী চৰকাৰে সকলো সময়তে কৃষকসকলৰ কল্যাণৰ কথা ভাৱি আহিছে। কেন্দ্ৰই সকলো সময়তে কৃষকসকলৰ ওচৰত আছে বুলি দাবী কৰে সীতাৰমনে।

বিগত কেইবাবছৰ ধৰি কিদৰে কৃষকসকল উপকৃত হৈছে সেয়াও ক’লে সীতাৰমনে। কৃষকসকলৰ বাবে ৭৫ হাজাৰ কোটি টকা আবণ্টন কৰা হৈছে বুলি জনালে বিত্ত মন্ত্ৰীয়ে। এই ধন আবণ্টনৰ ফলত ৪৩.৩৬ লাখ কৃষক উপকৃত হ’ব। কিদৰে ক্ৰমবৰ্ধমানভাৱে গম কৃষকসকলৰ বাবে ধনৰ পৰিমাণ বৃদ্ধি পাইছে সেয়াও তুলি ধৰে তেওঁ।

একেদৰে ধান আৰু কপাহ খেতিয়কসকলো উপকৃত হ’ব বুলি জনায় তেওঁ। ধানৰ ন্যূনতম সহায়ক মূল্য দুগুণ হোৱা বুলি জনায় সীতাৰমনে। ন্যুনতম সহায়ক মূল্য বৃদ্ধি পোৱাৰ ফলত এইবছৰ ১.৫ কোটি কৃষক উপকৃত হ’ব বুলি জনায় বিত্ত মন্ত্ৰীয়ে। ২০১৩–১৪ চনত কপাহ খেতিয়কসকলৰ বাবে ধন আবণ্টন হৈছিল ৯০ কোটি টকা। ২০২০–২১ত সেই পৰিমাণ বৃদ্ধি পাই ২৫ হাজাৰ কোটি টকা হৈছে। ইয়াৰ উপৰি পশুপালকসকলৰ বাবে ৩০ হাজাৰ কোটি টকা আবণ্টন কৰা হৈছে।
Published by: Sanjay Kumar Das
First published: February 1, 2021, 1:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি