কোভিড সৰঞ্জাম, টিকা, ঔষধৰ কৰ ৰেহাই দিয়াৰ আহ্বান জনাই মমতা বেনাৰ্জীয়ে লিখা চিঠিৰ উত্তৰ কেইঘণ্টামানৰ ভিতৰতে দিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। টুইটাৰত মমতা বেনাৰ্জীৰ চিঠি তুলি ধৰি বিশদ ভাবে উত্তৰ দিয়ে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে।
১৬টা টুইটত নিৰ্মলা সীতাৰমণে যুক্তি দিছে যে, কোৰোণা পৰিস্থিতিত বহু সামগ্ৰীৰ ওপৰত থকা আমদানি শুল্ক আৰু স্বাস্থ্যৰ কৰ ৰেহাই দিছে কেন্দ্ৰই। আনকি ৰেহাই দিয়া হৈছে জিএছটিও। তেওঁৰ বাখ্যা, টিকাত ৫ শতাংশ আৰু ঔষধত ১২ শতাংশ কৰ ৰেহাই দিয়াটো এইটো নিশ্চিত কৰিবলৈকে জৰুৰী যে, যাতে এই সামগ্ৰীৰ দামবৃদ্ধি নিয়ন্ত্ৰণ কৰিব পৰা যায়।
অক্সিজেন হওক বা ৰেমডিচিভিৰ আদি বিনামূলীয়াকৈ বিতৰণ কৰা যাব। ইয়াৰ বাবে কোনেও কৰ দিব নালাগে। কিন্তু টিকা বা সৰঞ্জামৰ ক্ষেত্ৰত কৰ বঢ়োৱা সম্ভৱ নহয়।
লগতে নিৰ্মলাই দেখাইছে যে, এই সৰঞ্জাম বা টিকাৰ পৰা যি জিএছটি পোৱা যাব, তাৰ পৰা কেন্দ্ৰতকৈ বেছি লাভ হ'ব ৰাজ্যৰ। কাৰণ ১০০ টকাত ৭০ টকা ৫০ পইচা লাভ কৰিব ৰাজ্যসমূহে। বাকী যাব কেন্দ্ৰৰ ৰাজকোষলৈ।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : May 09, 2021, 21:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।