ইয়াৰ বিপৰীতে লয়লা কলেজে তৃতীয় স্থান, কলকাতাৰ চেণ্ট জেভিয়াৰ্ছ কলেজে দখল কৰিছে চতুৰ্থ স্থান। ৰামকৃষ্ণ মিছন বিদ্যামন্দিৰে পঞ্চম স্থান দখলৰ বিপৰীতে ষষ্ঠ স্থানত আছে PSGR কৃষ্ণকমল কলেজ ফৰ ৱমেন। সপ্তম স্থানত চেন্নাইৰ প্ৰেচিডেঞ্চী কলেজ, অষ্টম স্থানত আছে চেণ্ট ষ্টিফেন কলেজ। দিল্লীৰ হিন্দু কলেজে নৱম স্থান দখল কৰাৰ বিপৰীতে শ্ৰীৰাম কলেজ ফৰ কমাৰ্চে দখল কৰিছে দশম স্থান।
দেশৰ সৰ্বশ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ স্বীকৃতি IISC বেংগালুৰুলৈ। শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ শিতানত দ্বিতীয় স্থানত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, তৃতীয় স্থানত বেনাৰস হিন্দু ইউনিভাৰ্চিটী। চতুৰ্থ স্থানত কলকাতা বিশ্ববিদ্যালয়, পঞ্চম স্থানত কইম্বাটোৰৰ অমৃতা বিশ্ব বিদ্যাপীঠ, ষষ্ঠ স্থান দখল কৰিছে জামিয়া মিলিয়া ইছলামিয়াই।
মণিপাল একাডেমীয়ে সপ্তম স্থান দখল কৰাৰ বিপৰীতে অষ্টম স্থান দখল কৰিছে যাদৱপুৰ বিশ্ববিদ্যালয়ে। নৱম স্থানত হায়দৰাবাদ বিশ্ববিদ্যালয়, দশম স্থানত আলিগড় মুছলিম বিশ্ববিদ্যালয়।
দেশৰ সৰ্বশ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ তালিকাত IIT গুৱাহাটী। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে লাভ কৰিছে অষ্টম স্থান। দেশৰ সৰ্বশ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ স্বীকৃতি IIT মাদ্ৰাছলৈ। NIRF-এ প্ৰকাশ কৰিলে দেশৰ সৰ্বশ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ তালিকা। IISC বেংগালুৰু দ্বিতীয় স্থানত, তৃতীয় স্থানত আছে IIT বম্বে। আনহাতে চতুৰ্থ স্থানত আছে IIT দিল্লী, পঞ্চম স্থান দখল কৰিছে IIT কানপুৰে। ষষ্ঠ স্থানত IIT খৰগপুৰ, সপ্তম স্থানত IIT ৰুৰকী। নৱম স্থানত JNU থকাৰ বিপৰীতে দশম স্থান দখল কৰিছে কাশীৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ে।
ভাৰতৰ সৰ্বশ্ৰেষ্ঠ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ শীৰ্ষত IIT মাদ্ৰাছ। দ্বিতীয় শ্ৰেষ্ঠ IIT দিল্লী, তৃতীয় স্থান দখল কৰিছে IIT বম্বে। চতুৰ্থ স্থানত আছে IIT কানপুৰ, পঞ্চম স্থানত আছে IIT খৰগপুৰ, ষষ্ঠ স্থান দখল কৰিছে IIT ৰুৰকী।
আনহাতে, IIT গুৱাহাটীয়ে দখল কৰিছে অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ সপ্তম স্থান। অষ্টম স্থানত IIT হায়দৰাবাদ, নৱম স্থানত আছে NIT তিৰুচিৰাপল্লীয়ে। তালিকাৰ দশম স্থানত আছে NIT সুৰতকলে।
দেশৰ শ্ৰেষ্ঠ মেনেজমেণ্ট শিক্ষানুষ্ঠানৰ শীৰ্ষত IIM আহমেদাবাদ। দ্বিতীয় স্থানত আছে IIM বেংগালুৰু, তৃতীয় স্থানত IIM কলকাতা। IIM কোঝিকোড়ে চতুৰ্থ স্থান দখল কৰাৰ বিপৰীতে পঞ্চম স্থান দখল কৰিছে IIT দিল্লীয়ে। দে
শৰ শ্ৰেষ্ঠ মেডিকেল শিক্ষানুষ্ঠানৰ স্বীকৃতি দিল্লীৰ AIIMSলৈ। দ্বিতীয় স্থান দখল কৰিছে চণ্ডীগড়ৰ PGIMER-এ, তৃতীয় স্থানত আছে ভেলোৰৰ CMC। বেংগালুৰুৰ NIMHNS-এ চতুৰ্থ স্থান দখল কৰাৰ বিপৰীতে পঞ্চম স্থানত আছে লক্ষ্নৌৰ SGPIMS।