মুখ্যপৃষ্ঠা »খবৰ »দেশ »NIRF Ranking 2022 প্ৰকাশ, দেশৰ শীৰ্ষ শিক্ষা প্ৰতিষ্ঠানৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়, আইআইটি গুৱাহাটী

NIRF Ranking 2022 প্ৰকাশ, দেশৰ শীৰ্ষ শিক্ষা প্ৰতিষ্ঠানৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়, আইআইটি গুৱাহাটী

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ঘোষণা কৰিলে দেশৰ শীৰ্ষৰ শিক্ষা প্ৰতিষ্ঠানৰ তালিকা।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ঘোষণা কৰিলে দেশৰ শীৰ্ষৰ শিক্ষা প্ৰতিষ্ঠানৰ তালিকা।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ঘোষণা কৰিলে দেশৰ শীৰ্ষৰ শিক্ষা প্ৰতিষ্ঠানৰ তালিকা।

  • Share this:
প্ৰকাশ হ’ল নেচনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্ক ২০২২ (NIRF)। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ঘোষণা কৰিলে দেশৰ শীৰ্ষৰ শিক্ষা প্ৰতিষ্ঠানৰ তালিকা। ১১টা কেটেগৰীৰ বাবে NIRF ৰেংকিং ঘোষণা কৰা হৈছে। এই তালিকাত স্থান দখল কৰিছে অসমৰ আইআইটি গুৱাহাটী, গুৱাহাটী বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ে। বিশ্ববিদ্যালয় শাখাত ৩৬সংখ্যক স্থানত আছে গুৱাহাটী বিশ্ববিদ্যালয়। আনহাতে, ৫৯সংখ্যক স্থানত আছে তেজপুৰ বিশ্ববিদ্যালয়। আনহাতে, অভিযান্ত্ৰিক শাখাত সপ্তম স্থান দখল কৰিছে আইআইটি গুৱাহাটীয়ে। চাওক ২০২২ৰ শীৰ্ষ ১০ত স্থান লাভ কৰা শিক্ষা প্ৰতিষ্ঠানসমূহৰ তালিকা।

NIRF Ranking 2022 : অভাৰঅল শাখা
১. আইআইটি মাদ্ৰাছ
২. ইণ্ডিয়ান ইনষ্টিটিউট অব ছায়েন্স, বেংগালুৰু
৩. আইআইটি বম্বে
৪. আইআইটি দিল্লী
৫. আইআইটি কানপুৰ
৬. আইআইটি খড়গপুৰ
৭. আইআইটি ৰুৰকি
৮. আইআইটি গুৱাহাটী
৯. এইম্ছ, দিল্লী
১০. জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়

NIRF Ranking 2022 : শীৰ্ষ ১০ বিশ্ববিদ্যালয়
১. ইণ্ডিয়ান ইনষ্টিটিউট অব ছায়েন্স, বেংগালুৰু
২. জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, দিল্লী
৩. জামিয়া মিলিয়া ইছলামিয়া, দিল্লী
৪. যাদৱপুৰ বিশ্ববিদ্যালয়, পশ্চিম বংগ
৫. অমৃতা বিশ্ব বিদ্যাপীঠম, তামিলনাডু
৬. বেনাৰস হিন্দু বিশ্ববিদ্যালয়, উত্তৰ প্ৰদেশ
৭. মণিপাল একাডেমী অব হায়াৰ এডুকেচন, মণিপাল
৮. কলকাতা বিশ্ববিদ্যালয়, পশ্চিম বংগ
৯. ভেলোৰ ইনষ্টিটিফট অব টেকন’লজী, তামিলনাডু
১০. ইউনিভাৰ্ছিটী অব হায়দৰাবাদ, তেলেংগানা

NIRF Ranking 2022 : শীৰ্ষৰ ১০খন কলেজ
১. মিৰাণ্ডা হাউছ, দিল্লী
২. হিন্দু কলেজ, দিল্লী
৩. প্ৰেছিডেন্সী কলেজ, তামিলনাডু
৪. লয়লা কলেজ, তামিলনাডু
৫. লেডী শ্ৰীৰাম কলেজ ফৰ অ’মেন, দিল্লী
৬. পিএছজিআৰ কৃষ্ণমমল কলেজ ফৰ অ’মেন, তামিলনাডু
৭. আত্মা ৰাম সনাতন ধৰ্ম কলেজ, দিল্লী
৮. ছেইণ্ট জেভিয়াৰ্ছ কলেজ, পশ্চিম বংগ
৯. ৰামকৃষ্ণ মিছন বিদ্যামন্দিৰ, পশ্চিম বংগ
১০. কিৰোৰী মল কলেজ, দিল্লী

NIRF Ranking 2022 : ইঞ্জিনিয়াৰিং কলেজ
১. আইআইটি, মাদ্ৰাছ
২. আইআইটি, দিল্লী
৩. আইইটি, বম্বে
৪. আইআইটি কানপুৰ
৫. আইআইটি, খড়গপুৰ
৬. আইআইটি, ৰুৰকি
৭. আইআইটি, গুৱাহাটী
৮. এনআইটি, তিৰুচিৰাপল্লী
৯. আইআইটি হায়দৰাবাদ
১০. এনআইটি কৰ্ণাটক

NIRF Ranking 2022 : মেডিকেল
১. অল ইণ্ডিয়া ইনষ্টিটিউট অব মেডিকেল ছায়েন্স, দিল্লী
২. পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অব মেডিকেল এডুকেচন এণ্ড ৰিছাৰ্চ, চণ্ডীগড়
৩. খ্ৰীষ্টিয়ান মেডিকেল কলেজ, তামিলনাডু
৪. নেচনেল ইনষ্টিটিউট অব মেণ্টেল হেল্থ এণ্ড নিউৰ’ ছায়েন্স, বেংগালুৰু
৫. বেনাৰস হিন্দু বিশ্ববিদ্যালয়, উত্তৰ প্ৰদেশ
৬. জৱাহৰলাল ইনষ্টিটিউট অব পোষ্ট গ্ৰেজুৱেট মেডিকেল এডুকেচন এণ্ড ৰিছাৰ্চ, পুডুচেৰী
৭. সঞ্জয় গান্ধী পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অব মেডিকেল ছায়েন্স, উত্তৰ প্ৰদেশ
৮. অমৃতা বিশ্ব বিদ্যাপীঠম, তামিলনাডু
৯. শ্ৰী চিত্ৰা তিৰুনেল ইনষ্টিটিউট ফৰ মেডিকেল ছায়েন্স এণ্ড টেকন’লজী, থিৰুৱনন্তপুৰম
১০ কস্তুৰবা মেডিকেল কলেজ, মণিপাল

শেহতীয়া বাতৰি