২২ জানুৱাৰীত নিৰ্ভয়া কাণ্ডৰ ৪ দোষীৰ ফাঁচি, ফাঁচিৰ বাবে কেনেদৰে চলোৱা হয় প্ৰস্তুতি?

News18 Assam | News18-Assam
Updated:January 13, 2020, 5:58 PM IST
২২ জানুৱাৰীত নিৰ্ভয়া কাণ্ডৰ ৪ দোষীৰ ফাঁচি, ফাঁচিৰ বাবে কেনেদৰে চলোৱা হয় প্ৰস্তুতি?
চাৰি অভিযুক্তক ইতিমধ্যে জে’ল নং ৩ আৰু ৪ৰ সুকীয়া কোঠালৈ প্ৰেৰণ কৰা হৈছে আৰু জেল নং ৩ত চাৰিওকে দিয়া হ’ব ফাঁচি। উত্তৰ প্ৰদেশৰ মীৰাতৰ পৱন জল্লাদে টানিব ফাঁচিকাঠৰ লিভাৰ।

চাৰি অভিযুক্তক ইতিমধ্যে জে’ল নং ৩ আৰু ৪ৰ সুকীয়া কোঠালৈ প্ৰেৰণ কৰা হৈছে আৰু জেল নং ৩ত চাৰিওকে দিয়া হ’ব ফাঁচি। উত্তৰ প্ৰদেশৰ মীৰাতৰ পৱন জল্লাদে টানিব ফাঁচিকাঠৰ লিভাৰ।

  • Share this:
২২ জানুৱাৰীত ফাঁচিকাঠত ওলমোৱা বিশ্ব কঁপোৱা নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীক। তিহাৰ জে’লত চলিছে চাৰি দোষীৰ ফাঁচিৰ প্ৰস্তুতি। ৪ অভিযুক্তৰ ফাঁচিৰ পূৰ্বে অভিযুক্তকেইজনৰ সৈতে একে ওজনৰ বালি, মাটি আৰু শিলগুটি ভৰ্তি চাৰিটা বস্তাৰে প্ৰস্তুত কৰা পুতলা ফাঁচিকাঠত ওলমাই চলোৱা হৈছে পৰীক্ষা।

ফাঁচিৰ বাবে প্ৰস্তুত কৰা ৰছী কিনা হৈছে বিহাৰৰ পৰা। বিহাৰৰ পৰা ক্ৰয় কৰা ৰছীৰে বালিভৰ্তি বস্তা ওলমাই পৰীক্ষা কৰা হয়, সেই ৰছীয়ে অভিযুক্তৰ ভৰ সহিব পাৰিবনে নাই। সেই একেই ৰছীৰে ২২ জানুৱাৰীত নিৰ্ভয়া কাণ্ডৰ চাৰি অভিযুক্ত ক্ৰমে মুকেশ, পৱন, বিনয় আৰু অক্ষয়ক ফাঁচি দিয়া হ’ব।

তিহাৰ জে’লৰ সঞ্চালকপ্ৰধান সন্দীপ গোৱেলৰ মতে, ৰছী আৰু ফাঁচি দিয়াৰ ব্যৱস্থা ঠিকে ঠিকে চলি আছে নে নাই তাকে পৰীক্ষা কৰিবলৈ ওলমোৱা হ’ল চাৰিটা একে ওজনৰ বস্তা। দোষীৰ যন্ত্ৰণা কম কৰাৰ বাবে ফাঁচিৰ ৰছী পিছল কৰি লোৱা হয়।

সঞ্চালকপ্ৰধান গৰাকীয়ে জনোৱা মতে, চাৰি অভিযুক্তক ইতিমধ্যে জে’ল নং ৩ আৰু ৪ৰ সুকীয়া কোঠালৈ প্ৰেৰণ কৰা হৈছে আৰু জেল নং ৩ত চাৰিওকে দিয়া হ’ব ফাঁচি। উত্তৰ প্ৰদেশৰ মীৰাতৰ পৱন জল্লাদে টানিব ফাঁচিকাঠৰ লিভাৰ।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
Published by: Sanjay Kumar Das
First published: January 13, 2020, 5:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading