অহা ২০ মাৰ্চত ফাঁচি হ’ব নিৰ্ভয়া কাণ্ডৰ চাৰিওটা দোষীৰ। কিন্তু ফাঁচিৰ পৰা বাচিবলৈ এতিয়া প্ৰত্যেক দিনা নতুন নতুন নাটক ৰচনা কৰিছে চাৰিওটা দোষীয়ে। এইবাৰ ঘটনাৰ অন্যতম দোষী মুকেশে দোষ জাপিছে নিজৰ অধিবক্তাৰ ওপৰত।মুকেশৰ মতে, অধিবক্তাই কৰিছে তাৰ বিৰুদ্ধে ষড়যন্ত্ৰ। আনকি অধিবক্তাৰ বিৰুদ্ধে CBIৰ তদন্ত ঘোষণা কৰিব লাগে বুলিও মন্তব্য কৰে মুকেশে।
এতিয়া আইনী প্ৰক্ৰিয়া সলনি কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে মুকেশে। অধিবক্তা মনোহৰ লাল শৰ্মাৰ দ্বাৰা উচ্চতম ন্যায়ালয়ত আবেদন কৰিছে মুকেশে। আবেদনৰ জৰিয়তে নিজৰ অধিবক্তা বৃন্দা গ্ৰোৱৰৰ বিৰুদ্ধে কেত বোৰ অভিযোগো উত্থাপন কৰিছে।
উল্লেখযোগ্য যে, অহা ২০ মাৰ্চত নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীক দিয়া হ’ব ফাঁচি। ২০ মাৰ্চত পুৱা ৫.৩০ বজাত ফাঁচি দিয়া হ’ব নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীৰ ফাঁচি।
ইয়াৰ পূৰ্বে ৩ মাৰ্চত দোষীৰ ফাঁচিৰ দিন নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু দোষী পৱনৰ ক্ষমা আবেদন ৰাষ্ট্ৰপতিৰ টেবুলত থকা বাবে পিছুৱাই দিয়া হৈছিল ফাঁচিৰ দিন।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|