‘তাই মোৰ ছোৱালী আছিল, কেনেকৈ পাহৰি যাও তাইৰ লগত কি হৈছিল’ ৰায়দানৰ পিছতে নিৰ্ভয়াৰ মাতৃৰ কৰুণ আৰ্তনাদ

News18 Assam | News18-Assam
Updated:January 8, 2020, 1:36 PM IST
‘তাই মোৰ ছোৱালী আছিল, কেনেকৈ পাহৰি যাও তাইৰ লগত কি হৈছিল’ ৰায়দানৰ পিছতে নিৰ্ভয়াৰ মাতৃৰ কৰুণ আৰ্তনাদ
দেশ কঁপাই যোৱা ২০১২ চনৰ নিৰ্ভয়া কাণ্ডৰ ৪ দোষীৰ ডেথ ৱাৰেণ্ট জাৰি কৰিলে পাটিয়ালা হাউছ কোৰ্টে। চাৰিওজন দোষীক ২২ জানুৱাৰীৰ পুৱা ৭ বজাত ফাঁচিকাঠত ওলমোৱা হ’ব

দেশ কঁপাই যোৱা ২০১২ চনৰ নিৰ্ভয়া কাণ্ডৰ ৪ দোষীৰ ডেথ ৱাৰেণ্ট জাৰি কৰিলে পাটিয়ালা হাউছ কোৰ্টে। চাৰিওজন দোষীক ২২ জানুৱাৰীৰ পুৱা ৭ বজাত ফাঁচিকাঠত ওলমোৱা হ’ব

  • Share this:
দেশ কঁপাই যোৱা ২০১২ চনৰ নিৰ্ভয়া কাণ্ডৰ ৪ দোষীৰ ডেথ ৱাৰেণ্ট জাৰি কৰিলে পাটিয়ালা হাউছ কোৰ্টে। চাৰিওজন দোষীক ২২ জানুৱাৰীৰ পুৱা ৭ বজাত ফাঁচিকাঠত ওলমোৱা হ’ব।

‘মোৰ ল’ৰাটোক মোক ঘূৰাই দিয়ক। ল’ৰাটোকৰ জীৱনটো ৰক্ষা কৰক।’ আদালতৰ ৰায়দানৰ পিছতে এনেদৰে নিৰ্ভয়াৰ মাকক হাতযোৰ কৰি অনুৰোধ কৰে ঘটনাত
দোষীসাব্যস্ত হোৱা মুকেশ সিঙৰ মাতৃয়ে। তেতিয়া নিৰ্ভয়াৰ মাতৃ আশা দেৱীয়ে কয় যে, ‘তাই মোৰ ছোৱালী আছিল, কিদৰে পাহৰি যাও তাইৰ লগত কি হৈছিল। মই এই দিনটোৰ বাবে সাত বছৰ ধৰি অপেক্ষা কৰি আছিলো। কেনেকৈ পাহৰিম, মোৰ ছোৱালীজনীৰ লগত সিহতে কি কৰিছিল?’



নিৰ্ভয়াৰ মাতৃয়ে লগতে কয় যে,‘এই ৰায়দানৰ ফলত দেশৰ মহিলাসকলৰ ন্যায় ব্যৱস্থাটোৰ প্ৰতি সন্মান বাঢ়িব।’ লগতে উল্লেখ কৰে যে, ২২ জানুৱাৰী দিনটো তেওঁলোকৰ জীৱনৰ বাবে হ’ব এক উল্লেখনীয় দিন।
আৰু চাওক
পৰৱৰ্তী বাতৰি