শেষৰক্ষা নহ’ল! SCত খাৰিজ ‘কিউৰেটিভ পেটিচন’ ২২তাৰিখেই হ’ব নিৰ্ভয়া হত্যাকাৰীৰ ফাঁচী

News18 Assam | News18-Assam
Updated:January 14, 2020, 2:33 PM IST
শেষৰক্ষা নহ’ল! SCত খাৰিজ ‘কিউৰেটিভ পেটিচন’ ২২তাৰিখেই হ’ব নিৰ্ভয়া হত্যাকাৰীৰ ফাঁচী
২২জানুৱাৰীত চাৰিওটা ওলমিব ফাঁচী কাঠত।

২২জানুৱাৰীত চাৰিওটা ওলমিব ফাঁচী কাঠত।

  • Share this:
২২জানুৱাৰীত ফাঁচীৰ পৰা ৰক্ষা পাবলৈ বিনয় শৰ্মা আৰু মুকেশ সিং নামৰ অভিযুক্ত দুটাই দাখিল কৰা কিউৰেটিভ পেটিচন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে। এতিয়া নিৰ্ধাৰিত ধৰণেই ২২জানুৱাৰীৰ পুৱা ৭বজাত চাৰিওটা পাষণ্ডৰ ফাঁচী হ’ব।

আদালতে মৃত্যু পৰোৱানা জাৰি কৰাৰ পিছতে নিৰ্ভয়াৰ হত্যাকাৰীয়ে আইনী ব্যৱস্থাৰ অন্তিম সম্বল ব্যৱহাৰ কৰি মৃত্যুদণ্ডৰ পৰা ৰক্ষা পাবলৈ কৰা চেষ্টা ব্যৰ্থ। মঙলবাৰে পাঁচজনীয়া বিচাৰপীঠে নিৰ্ভয়াৰ দুই অভিযুক্ত বিনয় শৰ্মা আৰু মুকেশ সিঙৰ কিউৰেটিভ পেটিচন খাৰিজ কৰে। নিৰ্ভয়াৰ হত্যাকাৰীৰ শেষ ৰক্ষা নহওক এই প্ৰত্যাশাই ৰাখিছিল নিৰ্ভয়াৰ মাতৃ আশা দেৱীয়ে। এন ভি ৰামান্না, অৰুণ মিশ্ৰা, আৰ এফ নাৰিমন, আৰ বানুমথি আৰু অশোক ভূষণে এই আৱেদনৰ শুনানি গ্ৰহণ কৰি অভিযুক্তক মৃত্যুদণ্ডৰ পৰা ৰেহাই নিদিয়াৰ সিদ্ধান্ত চূড়ান্ত কৰে।

সিঁহতে উচ্চতম ন্যায়ালয়ত কিউৰেটিভ পেটিচন দাখিল কৰি ফাঁচী ৰখাবলৈ চেষ্টা কৰিছে। মই আশাবাদী যে সিঁহতৰ পেটিচন খাৰিজ হ’ব আজি। ২২জানুৱাৰীত ফাঁচী দিয়া হ’ব আৰু ‘নিৰ্ভয়া’ই ন্যায় পাব। এএনআইৰ আগত প্ৰকাশ কৰিছিল আশা দেৱীয়ে।

এতিয়া নিৰ্ধাৰিত মতেই তিহাৰ কাৰাগাৰ চৌহদত পুৱা ৭বজাত বিনয় শৰ্মা, মুকেশ সিং, পৱন আৰু অক্ষয়ক ফাঁচী দিয়া হ’ব।
আৰু চাওক
পৰৱৰ্তী বাতৰি