২২তাৰিখে ফাঁচী নহয় নিৰ্ভয়াৰ ৪ বলাৎকাৰীৰ! ফাঁচীৰ নতুন তাৰিখক লৈ বিবেচনা

News18 Assam | News18-Assam
Updated:January 16, 2020, 3:57 PM IST
২২তাৰিখে ফাঁচী নহয় নিৰ্ভয়াৰ ৪ বলাৎকাৰীৰ! ফাঁচীৰ নতুন তাৰিখক লৈ বিবেচনা
নিৰ্ভয়া গেংগৰেপঃউপ ৰাজ্যপালে খাৰিজ কৰিলে দয়াভিক্ষা, এতিয়াও আছে ৰাষ্ট্ৰপতিৰ পৰা ভৰসা!!

নিৰ্ভয়া গেংগৰেপঃউপ ৰাজ্যপালে খাৰিজ কৰিলে দয়াভিক্ষা, এতিয়াও আছে ৰাষ্ট্ৰপতিৰ পৰা ভৰসা!!

  • Share this:
নিৰ্ভয়া কাণ্ডৰ চাৰিটা দোষীৰ ফাঁচী ২২তাৰিখে নহয়। ডেথ ৱাৰেণ্টৰ নতুন তাৰিখক লৈ ক’ৰ্টে বিবেচনা কৰি আছে। দোষী মুকেশ সিঙৰ আৱেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশে কয় যে, ক’ৰ্টে কেৱল ডেথ ৱাৰেণ্টৰ নতুন তাৰিখক লৈ বিবেচনা কৰি আছে, শাস্তিক লৈ নহয়। জজে লগতে কয়, নিৰ্ধাৰিত নিয়মৰ পালন হৈছে নে নাই সেই কথাৰ উত্তৰ তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষৰ পৰা বিচৰা হৈছে।

ইয়াৰ পূৰ্বে দিল্লীৰ উপৰাজ্যপাল অনিল বৈজলে নিৰ্ভয়া গেংগৰেপৰ দোষী মুকেশ সিঙৰ দয়া ভিক্ষাৰ আৱেদন খাৰিজ কৰিছে। ইয়াৰ পিছতে ইয়াত গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হৈছে। গৃহ মন্ত্ৰালয়ৰ পৰা ইয়াক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ওচৰলৈ প্ৰেৰণ কৰা হ’ব আৰু ৰামনাথ কোবিন্দে ইয়াৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।

দিল্লী হাই ক’ৰ্টৰ কঠোৰ স্থিতিৰ পিছত মুকেশ সিঙে দিল্লী চৰকাৰলৈ ক্ষমা বিচাৰি আৱেদন কৰিছিল। দিল্লী চৰকাৰে এই আৱেদন খাৰিজ কৰি উপ ৰাজ্যপাল অনিল বৈজলৰ ওচৰলৈ প্ৰেৰণ কৰে। বৃহস্পতিবাৰে উপ ৰাজ্যপালেও মুকেশৰ দয়া আৱেদন খাৰিজ কৰি গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছে।

নিৰ্ভয়া হত্যাকাণ্ডক লৈ অলপো অনুশোচনা নথকা চাৰিওটা অপৰাধীয়ে প্ৰাণ ৰক্ষা কৰিবলৈ সকলো পন্থা গ্ৰহণ কৰিছে। ছুপ্ৰীম ক’ৰ্টত এতিয়ালৈ অপৰাধীৰ আৱেদন তিনিবাৰ খাৰিজ হৈছে। নিম্ন আদালত আৰু উচ্চ ন্যায়ালয়ত ফাঁচী ৰখাবলৈ কৰা আৱেদন খাৰিজ হোৱাৰ পিছত এতিয়া ছুপ্ৰীম ক’ৰ্টত ফাঁচী ৰখাবলৈ আৱেদন কৰিছিল আৰু সেইখনো খাৰিজ হৈছিল। ইয়াৰ পিছত অভিযুক্তই আকৌ ৰিভিউ পেটিশ্যন দাখিল কৰে আৰু সেইখনো খাৰিজ হয়। ইয়াৰ পিছত এটা অভিযুক্তই কিউৰেটিভ পেটিচন উচ্চতম ন্যায়ালয়ত দাখিল কৰে আৰু সেইখনেও মুখঠেকেচা খায়। ইয়াতে ক্ষান্ত নহৈ এটা দোষী মুকেশ সিঙে দিল্লী উচ্চ ন্যায়ালয়ত মৃত্যু পৰোৱানাক প্ৰত্যাহ্বান জনাইছে। উচ্চ ন্যায়ালয়ে তেওঁক ট্ৰায়েল ক’ৰ্টলৈ যাবলৈ নিৰ্দেশ দিছে। ফাঁচী এইবোৰ কাৰণতে ২২জানুৱাৰীত নোহোৱাৰ আশংকা কৰা হৈছে কিন্তু জঘন্য অপৰাধীকেইটাই নিজৰ কৰ্মফল যে দুদিন পলমকৈ হ’লেও আইনী প্ৰক্ৰিয়াৰে পাব সেয়া খাটাং। সেইকাৰণে বুকু কঁপি উঠিছে আটাইকেইটাৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি