ফাঁচী হ’বই! কান্দি পেলালে নিৰ্ভয়াৰ বলাৎকাৰী বিনয় শর্মাই, পিতৃক ক’লে জোৰকৈ সাৱটি ধৰা

News18 Assam | News18-Assam
Updated:January 15, 2020, 1:01 PM IST
ফাঁচী হ’বই! কান্দি পেলালে নিৰ্ভয়াৰ বলাৎকাৰী বিনয় শর্মাই, পিতৃক ক’লে জোৰকৈ সাৱটি ধৰা
ফাইল ফটোঃবিনয় শৰ্মা

বৰ্বৰ অপৰাধীৰো যেতিয়া কঁপে বুকু!

  • Share this:
ছুপ্ৰীম ক’ৰ্টত কিউৰেটিভ পেটিচন খাৰিজ হোৱাৰ পিছত ফাঁচী এতিয়া নিশ্চিত! মঙলবাৰে পুত্ৰক সাক্ষাৎ কৰিবলৈ জেললৈ গৈছিল নিৰ্ভয়া কাণ্ডৰ অন্যতম অভিযুক্ত বিনয় শৰ্মাৰ পিতৃ। ফাঁচীকাঠত ওলমাৰ আগত অন্তিমবাৰ পিতৃক দেখা পাই আৰু নিশ্চিত মৃত্যুৰ আশংকাত কঁপি উঠিল ধৰ্ষক, পাষণ্ড বিনয় শৰ্মা। কান্দি উঠাৰ লগতে পিতৃক ক’লে মোক জোৰকৈ সাৱটি ধৰা।

নিৰ্ভয়াকাণ্ডৰ অভিযুক্তৰ ফাঁচীৰ শাস্তি বাহাল থাকিল, কিউৰেটিভ পেটিচন দাখিল কৰি মৃত্যুৰ পৰা ৰক্ষা পাবলৈ শেষ চেষ্টা কৰিছিল বিনয় শৰ্মা আৰু মুকেশে। এতিয়া ২২জানুৱাৰীৰ পুৱা ৭বজাত ফাঁচী হ’ব চাৰিওটা অভিযুক্তৰ। এনেকুৱাত পিতৃক সন্মুখত দেখি শোকত ভাগি পৰিল আতংকিত বিনয় শৰ্মা। কোনো প্ৰকাৰে চকুপানী বাধা দি ৰাখিব পৰা নাই ২০১২ত এগৰাকী অসহায় ছাত্ৰীক দলৱদ্ধ বলাৎকাৰ কৰি নৰপিশাচৰ দৰে অত্যাচাৰ চলাই তিল তিলকৈ হত্যা কৰা অপৰাধীটোৱে। অতি কষ্টৰে ছটফটাই কেইটামান দিন জীৱন–মৃত্যুৰ মাজত নৰক যন্ত্ৰণাৰে ওলমি ৰোৱা নিৰ্ভয়াই শেষ নিশ্বাস ত্যাগ কৰিছিল। নিৰ্ভয়াৰ ওপৰত ইমানেই পাশৱিক অত্যাচাৰ চলোৱা হৈছিল যে, তেওঁক চিকিৎসা কৰা চিকিৎসকে কেইবাদিনলৈ বিমৰ্ষ হৈ পৰিছিল, অৱস্থা প্ৰত্যক্ষ কৰি। গতিকে এয়া আইনৰ সঠিক ন্যায় বুলিয়ে বিবেচিত হৈছে!
Published by: Tulika Devi
First published: January 15, 2020, 1:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading