কাইলৈ নহয় চাৰি পাষণ্ডৰ ফাঁচি, নিৰ্ভয়া কাণ্ডৰ অভিযুক্তৰ ফাঁচি ক’ৰ্টৰ পৰৱৰ্তী আদেশলৈ স্থগিত

News18 Assam | News18-Assam
Updated:January 31, 2020, 5:49 PM IST
কাইলৈ নহয় চাৰি পাষণ্ডৰ ফাঁচি, নিৰ্ভয়া কাণ্ডৰ অভিযুক্তৰ ফাঁচি ক’ৰ্টৰ পৰৱৰ্তী আদেশলৈ স্থগিত
কাইলৈ হোৱাৰ কথা আছিল ফাঁচি।

কাইলৈ হোৱাৰ কথা আছিল ফাঁচি।

  • Share this:
কাইলৈ নহয় নিৰ্ভয়া কাণ্ডৰ চাৰিওটা অভিযুক্তৰ ফাঁচি। আদালতৰ পৰৱৰ্তী ৰায় পৰ্যন্ত ফাঁচি স্থগিত ৰখাৰ নিৰ্দেশ দিয়া হৈছে। মুকেশ সিং, বিনয় শৰ্মা, পৱন গুপ্তা আৰু অক্ষয় ঠাকুৰৰ ফাঁচি কাইলৈ পুৱা ৬বজাত হোৱাৰ কথা আছিল যদিও এতিয়া পৰৱৰ্তী সময়তহে নতুন ফাঁচিৰ তাৰিখ নিৰ্ধাৰণ কৰা হ’ব।

পাটিয়ালা হাউচ ক’ৰ্টে পৰৱৰ্তী আদেশ পৰ্যন্ত ফাঁচি স্থগিত কৰিছে। দোষী বিনয়ে বৃহস্পতিবাৰে ক’ৰ্টত আৱেদন দাখিল কৰি ৰাষ্ট্ৰপতিয়ে দয়া আৱেদন বিবেচনা নকৰা পৰ্যন্ত ফাঁচি স্থগিত ৰাখিবলৈ আৱেদন কৰিছিল। শুনানিৰ সময়ত তিহাৰৰ উকীলে কৈছিল যে বিনয়ে অপেক্ষা কৰিব পাৰে, কিন্তু বাকী তিনিওটা দোষীক কাইলৈয়ে ফাঁচি দিয়া উচিত।

 

মুকেশ সিঙৰ বাহিৰে অন্য তিনিওটা দোষীয়ে এতিয়া ফাঁচিৰ পৰা বাচিবলৈ আইনী বিকল্প লেহেমীয়া গতিত ব্যৱহাৰ কৰি ফাঁচি বিলম্ব কৰাৰ চেষ্টা চলাইছে।

নিৰ্ভয়াৰ মাতৃৰ অধিবক্তাই কৈছিল যে আইনী মেৰ পেচৰ কাৰণে ফাঁচি হয়তো ৭০–৭৫দিন বিলম্ব হ’ব পাৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি