‘অনন্ত কাললৈকে নহয় নিৰ্ভয়াৰ দোষীৰ ফাঁচি’ নিৰ্ভয়াৰ মাতৃক কৰ্টত চেলেঞ্জ চাৰি পাষণ্ডৰ অধিবক্তাৰ, শুনক মাতৃয়ে কি ক’লে?

News18 Assam | News18-Assam
Updated:January 31, 2020, 6:20 PM IST
‘অনন্ত কাললৈকে নহয় নিৰ্ভয়াৰ দোষীৰ ফাঁচি’ নিৰ্ভয়াৰ মাতৃক কৰ্টত চেলেঞ্জ চাৰি পাষণ্ডৰ অধিবক্তাৰ, শুনক মাতৃয়ে কি ক’লে?
Source-Google

কাইলৈ নহয় নিৰ্ভয়া কাণ্ডৰ চাৰিওটা অভিযুক্তৰ ফাঁচি

  • Share this:
কাইলৈ নহয় নিৰ্ভয়া কাণ্ডৰ চাৰিওটা অভিযুক্তৰ ফাঁচি। আদালতৰ পৰৱৰ্তী ৰায় পৰ্যন্ত ফাঁচি স্থগিত ৰখাৰ নিৰ্দেশ দিয়া হৈছে। আদালতৰ এই ৰায়দানৰ পিছতে কান্দোনত ভাঙি পৰিল নিৰ্ভয়াৰ দুৰ্ভগীয়া মাতৃ। চিঞৰি চিঞৰি মাতৃয়ে ক’লে, ‘দেশবাসী শুনি লওক, আজি দোষীৰ উকীলে আমাৰ সৈতে চেলেঞ্জ কৰিলে। অনন্ত কাললৈকে নহয় নিৰ্ভয়া কাণ্ডৰ দোষীৰ ফাঁচি।’

উল্লেখযোগ্য যে, ১ ফেব্ৰুৱাৰীত নিৰ্ভয়া কাণ্ডৰ চাৰি দোষী মুকেশ সিং, বিনয় শৰ্মা, পৱন গুপ্তা আৰু অক্ষয় ঠাকুৰক ফাঁচি দিয়াৰ কথা আছিল যদিও, আদালতে পৰৱৰ্তী ৰায় পৰ্যন্ত ফাঁচি স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে।

পাটিয়ালা হাউচ ক’ৰ্টে পৰৱৰ্তী আদেশ পৰ্যন্ত ফাঁচি স্থগিত কৰিছে। দোষী বিনয়ে বৃহস্পতিবাৰে ক’ৰ্টত আৱেদন দাখিল কৰি ৰাষ্ট্ৰপতিয়ে দয়া আৱেদন বিবেচনা নকৰা পৰ্যন্ত ফাঁচি স্থগিত ৰাখিবলৈ আৱেদন কৰিছিল। শুনানিৰ সময়ত তিহাৰৰ উকীলে কৈছিল যে বিনয়ে অপেক্ষা কৰিব পাৰে, কিন্তু বাকী তিনিওটা দোষীক কাইলৈয়ে ফাঁচি দিয়া উচিত।

মুকেশ সিঙৰ বাহিৰে অন্য তিনিওটা দোষীয়ে এতিয়া ফাঁচিৰ পৰা বাচিবলৈ আইনী বিকল্প লেহেমীয়া গতিত ব্যৱহাৰ কৰি ফাঁচি বিলম্ব কৰাৰ চেষ্টা চলাইছে।

নিৰ্ভয়াৰ মাতৃৰ অধিবক্তাই কৈছিল যে আইনী মেৰ পেচৰ কাৰণে ফাঁচি হয়তো ৭০–৭৫দিন বিলম্ব হ’ব পাৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি