உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • কংগ্ৰেছৰ নেতাৰ টুইট কৰি জনাইছিল শুভেচ্ছা, ৰাজনীতিলৈ অহাৰ কথা অস্বীকাৰ নিৰ্ভয়াৰ মাতৃ আশা দেৱীৰ

    কংগ্ৰেছৰ নেতাৰ টুইট কৰি জনাইছিল শুভেচ্ছা, ৰাজনীতিলৈ অহাৰ কথা অস্বীকাৰ নিৰ্ভয়াৰ মাতৃ আশা দেৱীৰ

    অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বীতা কৰাৰ কথা চৰ্চিত হৈছিল।

    অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বীতা কৰাৰ কথা চৰ্চিত হৈছিল।

    অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বীতা কৰাৰ কথা চৰ্চিত হৈছিল।

    • Share this:
    বিভিন্ন ধৰণৰ জল্পনা–কল্পনাৰ মাজত নিৰ্ভয়াৰ মাতৃ আশা দেৱীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা কৰাৰ খবৰ মিছা আখ্যা দিছে। নিউজ18ৰ সৈতে হোৱা সাক্ষাত্‍কাৰত আশা দেৱীয়ে কয়, তেওঁৰ ৰাজনীতিত কোনো আগ্ৰহ নাই। তেওঁ এইমুহূৰ্তত কেৱল জীয়ৰিৰ হত্যাকাৰীৰ ফাঁচী হোৱাটো বিচাৰে। নিৰ্ভয়াৰ মাতৃ আশা দেৱীয়ে কয়।

    উল্লেখযোগ্য যে দিল্লী বিধানসভা নিৰ্বাচনত নিৰ্ভয়াৰ মাতৃ আশা দেৱীয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে নতুন দিল্লী বিধানসভা আসনত প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনাৰ কথা প্ৰকাশ পাইছিল। সূত্ৰমতে, নিৰ্ভয়াৰ মাতৃয়ে কংগ্ৰেছৰ টিকটত কেজৰিৱালৰ বিৰুদ্ধে থিয় দিব পাৰে। নিৰ্ভয়াৰ মাতৃ আশা দেৱীয়ে কেবাবাৰো দিল্লী চৰকাৰে দোষীক ৰক্ষণা–বেক্ষণ দিবলৈ প্ৰয়াস চলিওৱাৰ অভিযোগ আনি কেজৰিৱালক কঠোৰ সমালোচনা কৰি আহিছে। দোষীৰ ফাঁচীত বিলম্ব হোৱাৰ কাৰণে দিল্লীৰ আপ চৰকাৰক দোষাৰোপ কৰি আহিছে নিৰ্ভয়াৰ মাতৃ আশা দেৱীয়ে।

    উল্লেখযোগ্য যে আশা দেৱীয়ে ৰাজনীতিত যোগদান কৰাৰ খবৰ এইকাৰণেই চৰ্চালৈ আহিছিল যে কংগ্ৰেছ নেতা কীৰ্তি আজাদে টুইট কৰি আশা দেৱীক ৰাজনীতিলৈ অহাৰ কাৰণে আদৰণি জনাইছিল। কংগ্ৰেছে অৱশ্যে আশা দেৱীয়ে নিৰ্বাচন খেলাক লৈ কোনো স্পষ্ট তথ্য প্ৰকাশ কৰা নাই।

    দিল্লীৰ দলৱদ্ধ বলাৎকাৰ আৰু হত্যাৰ গোচৰক লৈ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ইতিমধ্যে কৈছে যে চৰকাৰৰ অধীনস্থ সকলো কাম ঘণ্টাৰ ভিতৰত সম্পন্ন কৰা হৈছে। দোষীক ফাঁচীকাঠত শীঘ্ৰে ওলমোৱাটো আপে বিচাৰিছে। কিন্তু আশা দেৱীৰ মতে এয়া ভুৱা তথ্য। ৭বছৰ হৈ গ’ল সেই ঘটনাৰ। ২.৫বছৰ হৈ গ’ল উচ্চতম ন্যায়ালয়ৰ ৰায় অহা, ১৮মাহ হৈ গ’ল ৰিভিউ পেটিশ্যন খাৰিজ হোৱা। আশা দেৱীৰ অভিযোগ চৰকাৰে কৰিবলগীয়া কাম আমি কৰিছো।

    আশা দেৱীয়ে দোষীয়ে বিভিন্ন আইনী সুৰুঙা উলিয়াই থকাক লৈ যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছিল। চৰকাৰে আমাৰ কষ্টৰ দেখাৰ সলনি ৰাজনৈতিক মুনাফা আদায় কৰাত ব্যস্ত আৰু দোষীৰ কথা বেছিকৈ ভাবিছে বুলি কৈছিল নিৰ্ভয়াৰ মাতৃয়ে। দোষীৰ ফাঁচী বাৰে বাৰে কিয় স্থগিত কৰা হৈছে? প্ৰশ্ন কৰিছিল ক্ষুব্ধ মাতৃয়ে।

    দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ শিশোদিয়াই কৈছিল যে আৰক্ষী আমাক দি দিয়ত আমি ৰক্ষা কৰিম। নিৰ্ভয়াৰ মাতৃয়ে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ২০১৪চনত কৈছিল বহুত হ’ল নাৰীৰ ওপৰত অত্যাচাৰ, এইবাৰ মোদী চৰকাৰ। আপুনি যেতিয়া তিনি তালাক আইনৰ সংশোধন কৰিব পাৰে ফাঁচীৰ আইনৰো সংশোধন কৰক আৰু চাৰিওটা অপৰাধীক ফাঁচীত ওলমাওক। ৰাজনৈতিক ভাষণ দিয়াৰ অভিযোগেৰে সৰৱ হৈছিল নিৰ্ভয়াৰ মাতৃ আশা দেৱী।
    Published by:Tulika Devi
    First published: