বুধবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছিল মুকেশ সিঙৰ আৱেদন (Petition Dismissed)। ইয়াৰ পিছত এজন নাগৰিক হিচাপে তেওঁৰ সকলো আইনী বিকল্প শেষ হ’ল। বুধবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছিল মুকেশ সিঙৰ আৱেদন (Petition Dismissed)। ইয়াৰ পিছত এজন নাগৰিক হিচাপে তেওঁৰ সকলো আইনী বিকল্প শেষ হ’ল। নিৰ্ভয়াৰ দোষীসকলৰ অন্যতম মুকেশ সিঙৰ আৱেদন ছুপ্ৰীম ক’ৰ্টত খাৰিজ হৈছে। ইয়াৰ লগে লগে মুকেশ ফাঁচি কাঠত নিৰ্ধাৰিত সময়ত উঠাটো এতিয়া চূড়ান্ত হ’ল। ৰাষ্ট্ৰপতিয়ে দয়া প্ৰাৰ্থনা খাৰিজ কৰাৰ পিছতে( Mercy Petition) উচ্চতম ন্যায়ালয়ত এই ৰায়ৰ প্ৰত্যাহ্বান জনাই আৱেদন কৰিছিল মুকেশে। বুধবাৰে সৰ্বোচ্ছ আদালতে এই আৱেদন খাৰিজ কৰাৰ পিছত টিপ্পণী দিয়ে যে এই আৱেদনৰ কোনো মেৰিট নাই। জেলৰ ভিতৰত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ কৰিছিল মুকেশৰ অধিবক্তাই। মুকেশ আৰু অধিবক্তাই ফাঁচি স্থগিত কৰিবলৈ চলোৱা সকলো প্ৰচেষ্টা অৱশেষত ব্যৰ্থ হ’ল। উল্লেখযোগ্য যে, দিল্লীৰ পাটিয়ালা হাউচ ক’ৰ্টে জাৰি কৰা নতুন ডেথ ৱাৰেণ্ট অনুসৰি ১ফেব্ৰুৱাৰীৰ পুৱা ৬বজাত নিৰ্ভয়া কাণ্ডৰ চাৰিওটা দোষী বিনয়, অক্ষয়, মুকেশ আৰু পৱনক তিহাৰৰ তিনি নম্বৰ জেলত ফাঁচিকাঠত ওলমোৱা হ’ব।
Published by: Tulika Devi
First published: January 29, 2020, 12:59 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|